গুৱাহাটী, 3 জানুৱাৰী : 5 জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'বলগা প্ৰথমখন টি-20 মেচৰ বাবে ভাৰতীয় দলে শুকুৰবাৰে অনুশীলনত ব্যস্ত হৈ পৰে ৷ বৃহস্পতিবাৰে ভ্ৰমণৰত শ্ৰীলংকা দলটো অসমত আহি উপস্থিত হোৱাৰ বিপৰীতে শুকুৰবাৰে উপস্থিত হয় ভাৰতীয় দল ৷
শুকুৰবাৰৰ দুপৰীয়া ভাগত ভাৰতীয় দলে কিছু সময়ৰ বাবে অনুশীলন চলোৱা পৰিলক্ষিত হয় ৷ এই অনুশীলনৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী, পেচাৰ জছপ্ৰীত বুমৰাহ, কে. এল. ৰাহুল, শাৰদুল ঠাকুৰ আৰু বহুকেইজন খেলুৱৈক অনুশীলনত অংশ লোৱা দেখা যায় ৷ কিন্তু, শিখৰ ধাৱান আৰু ৰবীন্দ্ৰ জাদেজাক অনুশীলন অংশ লোৱা দেখা নগ'ল ৷ ইয়াৰ পৰিৱৰ্তে শ্ৰীলংকা দলে অনুশীলনৰ পৰা বিৰত থাকে ৷
মেচখনৰ পূৰ্বে অসম ক্ৰিকেট সন্থাকো সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা দেখা গ'ল ৷ ষ্টেডিয়ামত কোনো বিক্ষিপ্ত ঘটনা নঘটিবৰ বাবে সুৰক্ষা ব্যৱস্থাও কটকটীয়া কৰি তোলা পৰিলক্ষিত হয় ৷ ইতিমধ্যে ষ্টেডিয়ামৰ 27 হাজাৰকৈ টিকেট বিক্ৰী হৈ যোৱা বুলি জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাই ৷ উল্লেখ্য যে, বৰ্ষাপাৰা ষ্টেডিয়ামৰ মুঠ আসন হৈছে 39,400 খন ৷
মেচৰ দিনা ষ্টেডিয়ামৰ গেট 8 বজাৰ লগে লগে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি অসম ক্ৰিকেট সন্থাই জানিবলৈ দিয়ে ৷
আৰু পঢ়ক : বৰঝাৰ বিমানবন্দৰত উপস্থিত বিৰাট কোহলী