গুৱাহাটী, ২১ আগষ্ট : ব্ৰক্ষ্মপুত্ৰৰ দৰে বিশাল উৎস থকাৰ পাচতো বছৰৰ পাচত বছৰ ধৰি গুৱাহাটীৰ বাসিন্দাই খোৱাপানীৰ বাবে হাহাকাৰ কৰি আহিব লগীয়া হৈছে । ইফালে গুৱাহাটীবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ বাবে GMDA য়ে হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ অব্যাহত ৰখা পানী যোগান প্ৰকল্প (Guwahati water project) যেন কলিতে মৰহি গ’ল ।

খোৱাপানীক লৈ মহানগৰবাসীয়ে হাহাকাৰ কৰাৰ সময়তে চলিত আগষ্টৰ পৰা মধ্য গুৱাহাটীৰ একাংশ লোকক খোৱা পানী যোগান ধৰিব (Water supply in Guwahati) বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল ৷ কিন্তু ইয়াৰ পূৰ্বেই ৰহস্যজনকভাৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান গেমনক টালি-টোপোলাসহ বিতাড়ন কৰিলে GMDA য়ে ।
অৱশ্যে এইবাৰ গুৱাহাটীবাসীক খোৱাপানী যোগানত ব্যৰ্থ বিভাগীয় মন্ত্ৰী অশোক সিংঘাল আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই খোৱাপানী যোগানৰ এক অদ্ভূত পৰিকল্পনা হাতত হৈছে । অভিযোগ অনুসৰি, কমিচনৰ অংকৰে এই পৰিকল্পনা গ্ৰহণ কৰা হৈছে (Plan to supply water to Guwahati through deep tubewells)।

পৰিকল্পনা অনুসৰি গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত GMC য়ে বহুৱাব একোটাকৈ ডীপ টিউবৱেল অৰ্থাৎ গভীৰ নলীনাদ তথা বৰিং । গুৱাহাটীৰ ৬০ টা ৱাৰ্ডত গভীৰ নলীনাদ বহুৱাৰ নামত ৩৬ কোটি টকা খৰচ কৰাৰো সিদ্ধান্ত লৈছে অশোক সিংঘাল আৰু মৃগেন শৰণীয়াই । অৰ্থাৎ প্ৰতিটো ৱাৰ্ডত বৰিঙৰ নামত চৰকাৰৰ ৰাজকোষৰ পৰা ব্যয় কৰিব ৬০ লাখকৈ টকা ।
লগতে পঢ়ক : Water supply in Guwahati: এমাহৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীৰ ৰাইজক পানী খুৱাব জাইকাই
শেহতীয়াকৈ GMC ৰ পাৰিষদসকলৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কিন্তু গুৱাহাটীৰ একোটা ৱাৰ্ডত এটা বৰিঙৰ জৰিয়তে খোৱা পানী যোগান ধৰাৰ চিন্তাটো অত্যন্ত অদ্ভুত তথা হাঁহি উঠাৰ কথা । আচৰিত যেন লাগিলেও কিন্তু সেই চিন্তাকে যে, কৰিছে মন্ত্ৰী অশোক সিংঘাল আৰু মেয়ৰ মৃগেন শৰণীয়াই ।
ইতিমধ্যে পাৰিষদসকলক বৰিং বহুৱাৰ বাবে স্থান নিৰ্ধাৰণ কৰিবলৈ আনুষ্ঠানিকভাৱে নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে । একোটা সাধাৰণ বৰিঙৰ জৰিয়তে ঘৰে ঘৰে পানী যোগান ধৰাটো দূৰৰে কথা ৬০ লাখ টকা খৰচ কৰাৰ পাছত বৰিঙৰ পৰা যে পানী ওলাব তাৰো কোনো নিশ্চয়তা নাই । কাৰণ গুৱাহাটীৰ ভূগৰ্ভৰ পৰা কোটি টকা ব্যয় কৰা বৰিঙৰ পৰাও বহু সময়ত পানী নোলোৱাৰ অলেখ উদাহৰণ আছে ।
স্বাভাৱিকতেই গভীৰ নলীনাদৰ নামত কমিচন সংগ্ৰহ কৰাৰ যে, পৰিকল্পনা কৰা হৈছে সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । কিয়নো ইয়াৰ পূৰ্বেও GMC য়ে ঠাই বিশেষ বৰিং কৰিছিল যদিও সেই বৰিঙৰ পৰা খোৱা পানী লাভ নকৰাৰ অভিযোগ আছে । তেনেস্থলত গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰাৰ বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে এনেদৰে কমিচনৰ অংকত বৰিঙৰ পৰিকল্পনা কৰা বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : Water supply in Guwahati: গুৱাহাটীত পানী যোগানৰ অনলাইন আবেদনৰ বাবে মুকলি হ’ব ৱেব চাইট