ETV Bharat / city

জল জীৱন মিছন : চাৰি মাহত বিশুদ্ধ পানী‌ পালে ৪.৫৮ পৰিয়ালে

ৰাজ্যত আৰম্ভ হোৱা জল‌ জীৱন মিছনে যোৱা চাৰিটা মাহৰ ভিতৰতে বিশেষ সফলতা‌ লাভ কৰিছে বুলি দাবী কৰিছে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । বুধাবেৰ এক সংবাদ মেলত মিছনৰ শেহতীয়া সফলতাৰ তথ্য দাঙি ধৰি এই মন্তব্য কৰে মন্ত্ৰী দাসে ।‌

Jal Jeevan Mission
জন জীৱন মিছন
author img

By

Published : Sep 1, 2021, 9:42 PM IST

Updated : Sep 2, 2021, 6:48 AM IST

গুৱাহাটী, ১ ছেপ্তেম্বৰ : ৰাজ্যত জল জীৱন মিছনৰ অধীনত বিশুদ্ধ পানী‌ যোগানৰ কাম সফলতাৰ দিশে আগবাঢ়িছে বুলি দাবী কৰিছে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।‌‌ মন্ত্ৰী গৰাকীয়ে বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি দাবী কৰে যে এনেকুৱা গতিত কাম যদি আগবাঢ়ি থাকে তেতিয়া হ'লে নাগৰিকক বিশুদ্ধ পানী‌ যোগানৰ ক্ষেত্ৰত অসম প্ৰথম শাৰীৰ ৰাজ্যত পৰিণত হ'ব ।

Jal Jeevan Mission
জল জীৱন মিছন

সংবাদ মেলত তথ্য দাঙি ধৰি মন্ত্ৰী গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা মে’ মাহত নতুন চৰকাৰ গঠন হোৱাৰ পিচত নিৰ্ধাৰিত লক্ষ্যত কৈ অধিক সংখ্যক পৰিয়ালৰ ঘৰত বিশুদ্ধ পানীৰ পাইপ সংযোজিত হৈছে । তথ্য অনুসৰি যোৱা মে’ মাহৰ পৰা ৩১ আগষ্ট লৈ ৪.৫৮ লাখ টা পৰিয়ালত বিশুদ্ধ পানীৰ পাইপ সংযোজিত হৈছে ।‌‌‌

Jal Jeevan Mission
জল জীৱন মিছন

এই অভিযানত মে’ মাহত ৪১৪৬১ টা, জুন মাহত ৭০১২৪ টা, জুলাই মাহত ১৩৯০৫৮ টা আৰু আগষ্ট মাহত ২০৯৩১৯ টা পৰিয়ালত বিশুদ্ধ পানীৰ পাইপ সংযোজিত হৈছে । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মতে জুলাই আৰু আগষ্ট মাহত নিৰ্ধাৰিত লক্ষ্যত কৈ অধিক সংখ্যক পৰিয়ালত পানীৰ সংযোজন হৈছে আৰু তেনে সফলতালৈ চাই ছেপ্টেম্বৰত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ২২৯০০০ টা সংযোজনৰ ।

তাৎপৰ্যপূৰ্ণভাৱে সংবাদ মেলত দিয়া তথ্য অনুসৰি কামৰ এনে গতি অব্যাহত ৰাখি ২০২১-২২ বৰ্ষত ৰাজ্যৰ মুঠ ২২ লাখ পৰিয়ালক পানীৰ সংযোগ দিব পৰা যাব । একেদৰে ৰাজ্যৰ মুঠ ৬৩.৩৫ টকা পৰিয়ালক বিশুদ্ধ পানী‌ যোগান দিবলগীয়া এই প্ৰকল্পৰ অধীনত ২২-২৩ বৰ্ষত ২০ লাখ আৰু ২৩-২৪ বৰ্ষত ১৩ লাখ পৰিয়ালক বিশুদ্ধ পানীৰ সংযোগ দিয়া হ'ব ।

Jal Jeevan Mission
জল জীৱন মিছন

সংবাদ মেলত বিভাগীয় মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, জল জীৱন মিছনৰ অধীনত পঞ্চায়ত পৰ্যায়ত যি উপভোক্তা সমিতি গঠন কৰা হৈছে সেই সমিতি‌ সমূহক পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত এক অৰ্থ সাহায্য আগবঢ়োৱা হ'ব । অৱশ্যে এই সাহায্যৰ পৰিমান কিমান হ'ব সেই কথা এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই ।

উল্লেখযোগ্য যে, প্ৰায় ২৪০০০ কোটি টকা বিনিয়োগ হ'বলগীয়া এই প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত ইতিমধ্যে ২০২১-২২ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ৫৬০১ কোটি আৰু ৰাজ্য চৰকাৰৰ ৬২২ কোটি টকা বায় ধাৰ্য কৰা হৈছে । যোৱা বিত্তীয় বৰ্ষত জল জীৱন মিছনে ৯৫০ কোটি টকা খৰছ কৰিছিল বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে । এই সংবাদ মেলত বিভাগৰ মুখ্য অভিযন্তা বিশ্বদীপ দাসো উপস্থিত থাকে ।

লগতে পঢ়ক : ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক

Last Updated : Sep 2, 2021, 6:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.