ETV Bharat / city

চি এন চেণ্টাৰত মুকলিৰ প্ৰথম দিনাই ৰোগীৰ ভিৰ

'হৃদয়, বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ'ত আৰম্ভ হ'ল বহিঃবিভাগৰ চিকিৎসা সেৱা । প্ৰথম দিনাই (First day of CN center) ৰোগীৰ বাবে উপলব্ধ চিকিৎসা সেৱাকে ধৰি যাৱতীয় দিশসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে ৰোগী, আত্মীয়, সেৱাৰত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰে মতবিনিময় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । নতুন ছুপাৰ স্পেছিয়েলিটী হাস্পতালখনত হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত ৰোগীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে উন্নত মানৰ সুলভ চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ বাবে প্ৰথমৰ পৰাই সুনিশ্চিত কৰিবলৈ নিৰ্দেশ ।

patient-crowd-on-first-day-of-guwahati-cn-center
চি এন চেণ্টাৰত মুকলিৰ প্ৰথম দিনাই ৰোগীৰ ভিৰ
author img

By

Published : May 10, 2022, 7:47 PM IST

গুৱাহাটী,10 মে' : অসমৰ স্বাস্থ্যখণ্ডত সোমবাৰে নতুনকৈ সংযোজন হোৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনস্থ 'হৃদয়, বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ'ত (চি এন চেণ্টাৰ) আজি পুৱাৰে পৰাই বহিঃবিভাগৰ চিকিৎসা সেৱা আৰম্ভ হয় (OPD service starts at CN center) ।

অসমতে হৃদৰোগ আৰু স্নায়ুৰোগৰ উন্নতমানৰ চিকিৎসা উপলব্ধ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই অত্যাধুনিক ছুপাৰ স্পেছিয়েলিটী হাস্পতালৰ অ' পি ডি সেৱা মুকলিৰ প্ৰথমটো দিনতে (First day of CN center) আজি পুৱাৰে পৰা চিকিৎসা গ্ৰহণৰ বাবে যথেষ্ট সংখ্যক ৰোগীৰ আগমন ঘটা পৰিলক্ষিত হয় ।

patient-crowd-on-first-day-of-guwahati-cn-center
চি এন চেণ্টাৰত মুকলিৰ প্ৰথম দিনাই ৰোগীৰ ভিৰ

ইফালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে পুৱা 10.30 বজাতে চি এন চেণ্টাৰত উপস্থিত হৈ প্ৰথম দিনাই ৰোগীৰ বাবে উপলব্ধ চিকিৎসা সেৱাকে ধৰি যাৱতীয় দিশসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে ৰোগী, আত্মীয়, সেৱাৰত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰে মতবিনিময় কৰে (Health minister Keshab Mahanta visited CN center) ।

অত্যাধুনিক চিকিৎসালয়খনত সেৱা মুকলিৰ প্ৰথমটো দিনৰ সামগ্ৰিক পৰিৱেশ পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে চি এন চেণ্টাৰৰ সভাকক্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, চি এন চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্য আৰু প্ৰশাসনিক বিষয়া ডাঃ (কৰ্ণেল) সঞ্জীৱ মেধিৰ লগতে চাৰিটা বিভাগ কাৰ্ডিঅ'লজী, কাৰ্ডিঅ' ছাৰ্জাৰী, নিউৰ'লজী আৰু নিউৰ' ছাৰ্জাৰীৰ মূৰব্বী অধ্যাপক, অধ্যাপক, সহযোগী অধ্যাপক তথা বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ নতুন চিকিৎসালয়খনৰ সু-পৰিচালনাৰ দিশটো বিষদ ভাৱে আলোচনা কৰে ।

নতুন ছুপাৰ স্পেছিয়েলিটী হাস্পতালখনত হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত ৰোগীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈয়ে যাতে উন্নত মানৰ, সুলভ চিকিৎসা সেৱা লাভ কৰিব পাৰে, সেয়া প্ৰথমৰ পৰাই সুনিশ্চিত কৰিবলৈ মন্ত্ৰী মহন্তই বৈঠকত চি এন চেণ্টাৰৰ সঞ্চালক, প্ৰশাসনিক বিষয়া, বিভাগীয় মূৰব্বী তথা অধ্যাপক-বিশেষজ্ঞ চিকিৎসক সকলোকে আহ্বান জনায় । চিকিৎসালয়খনৰ প্ৰথম দিনাৰ সামগ্ৰিক পৰিৱেশ নিৰীক্ষণৰ অন্তত স্বাস্থ্যমন্ত্ৰী মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে নতুন চিকিৎসালয়খনত চিকিৎসা, পৰিষ্কাৰ-পৰিচ্চন্নতা আদি সকলো দিশতে সেৱাৰ গুণগত মান ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তকৈও উন্নত কৰি ৰখাত আমি গুৰুত্ব দিছো ।

এইক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ ইতিমধ্যে সকলোকে স্পষ্ট কৰি দিয়া হৈছে । আমি অতি আশাবাদী যে আমাৰ সুদক্ষ চিকিৎসা বিশেষজ্ঞ তথা অধ্যাপক-অধ্যাপিকাসকলৰ আত্মোৎসৰ্গিত আৰু আনৰ বাবে অনুকৰণীয় সেৱাৰে আগন্তুক দিনত চি এন চেণ্টাৰে দেশৰ ভিতৰতে হৃদৰোগ আৰু স্নায়ুৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এখন অন্যতম অগ্ৰণী তথা শ্ৰেষ্ঠ ছুপাৰ স্পেছিয়েলিটী হাস্পতালৰূপে স্বকীয় পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হ'ব ।

চি এন চেণ্টাৰৰ সঞ্চালক ডাঃ বৈশ্য আৰু প্ৰশাসনিক বিষয়া কৰ্ণেল (ডাঃ) মেধিয়ে জনোৱা মতে আজি প্ৰথম দিনা মুঠ ৩৯৮ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ বহিঃবিভাগৰ চিকিৎসা সেৱা গ্ৰহণ কৰে । ইয়াৰে তিনিগৰাকী ৰোগীক আজি ভৰ্তি কৰোৱা হয়। উল্লেখ যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল ।

লগতে পঢ়ক: হিমন্ত চৰকাৰৰ বৰ্ষপুৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.