ETV Bharat / city

অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক সুশান্ত বৰুৱা

author img

By

Published : Dec 13, 2021, 10:48 PM IST

ফাচীবজাৰৰ কানাড়া বেংকৰ কেইবাজনো গ্ৰাহকক ঋণ দিয়াৰ নামত প্ৰৱঞ্চনা কৰিছিল সুশান্ত বৰুৱাই ৷

Panbazar Police arrested Sushanta Baruah for forgery
অৱশেষত আৰক্ষীৰ জালত পৰিল সুশান্ত বৰুৱা

গুৱাহাটী, ১৩ ডিচেম্বৰ : অৱশেষত পানবজাৰ থানাই গ্ৰেপ্তাৰ কৰিলে প্ৰৱঞ্চক অভিনেতা সুশান্ত বৰুৱা(Panbazar Police arrested Sushanta Baruah for forgery)ক । ফাচীবজাৰৰ কানাড়া বেংকৰ ১৬জন গ্ৰাহকক ঋণ দিয়াৰ নামত সুশান্ত বৰুৱাই প্ৰৱঞ্চনাৰে লুটিছিল প্ৰায় ১০কোটি টকা । পানবজাৰ থানাত এই সন্দৰ্ভত সুশান্তৰ বিৰুদ্ধে গোচৰ নম্বৰ 539/21 আৰু 358/21 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 120(B)/420/406/409 ধাৰাত ৰুজু হৈ আছে দুটাকৈ গোচৰ ।

বৰ্তমান পানবজাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সুশান্তৰ । উল্লেখ্য যে, ৯ ডিচেম্বৰত হাতীগাঁও থানাই গ্ৰেপ্তাৰ কৰিছিল সুশান্ত বৰুৱা(Hatigaon Police arrested Sushanta Baruah for forgery)ক । হাতীগাঁও থানাই দেওবাৰে পাণবজাৰ আৰক্ষীক গটাই দিয়ে সুশান্ত বৰুৱাক । মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ’ব সুশান্ত বৰুৱাক ।

লগতে পঢ়ক : প্ৰৱঞ্চকৰ জালত টীয়কৰ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.