গুৱাহাটী, 12 ছেপ্টেম্বৰ: ভিক্টৰ দাসৰ অভিযোগ সন্দৰ্ভত CID তদন্তৰ দাবী কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই (LOP on Victor Das issue) । সোমবাৰে বিধানসভাৰ চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত এই দাবী জনায় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ভিক্টৰ দাসৰ ওপৰত আৰক্ষীয়ে লগোৱা ধাৰা অপ্ৰাসংগিক (Victor Das arrested by police)। ভিক্টৰ দাসৰ ওপৰত আৰক্ষীয়ে লগোৱা ধাৰাক বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই সমালোচনা কৰি এই অপ্ৰাসংগিক ধাৰা লগোৱা সকলৰ ওপৰতো তদন্ত হ’ব লাগে বুলি উল্লেখ কৰে (Assam LOP criticizes govt over Victor Das controversy) ।
ইপিনে বিধায়ক ৰকিবুল হুছেইনেও ভিক্টৰ দাসৰ ওপৰত আৰক্ষীয়ে লগোৱা ধাৰা সন্দৰ্ভত তীব্ৰ সমালোচনা চৰকাৰক । ভিক্টৰ দাসৰ লগত চৰকাৰে অন্যায় কৰাৰ অভিযোগ তোলে ৰকিবুল হুছেইনে । তেওঁ কয়, "এয়া অসমত পুলিচৰাজৰ উদাহৰণ" (MLA Rakibul Hussain against Assam Govt) ৷
ইপিনে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰাথমিক বিদ্যালয়ৰ পৰা গণিত আৰু বিজ্ঞানত ইংৰাজী মাধ্যম কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মাধ্যম বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ধাৰণা ভুল (Debabrat Saikia on medium controversy) । কিন্তু বিধানসভাত এই সন্দৰ্ভত বিৰোধীক যুক্তি প্ৰদৰ্শনৰ সুযোগ দিয়া নাই শাসক পক্ষই । চৰকাৰৰ সিদ্ধান্ত সলনি নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা শিক্ষামন্ত্ৰীৰ বক্তব্যক ৰজাৰ হুকুম সদৃশ কথা বুলি দেৱব্ৰত শইকীয়াই মন্তব্য কৰে ।
বিধানসভাৰ অধিবেশন স্থগিতৰ সিদ্ধান্তৰ বাবে অধ্যক্ষক ধন্যবাদ জ্ঞাপন দেৱব্ৰত শইকীয়াৰ । জেহাদী সন্দৰ্ভত বিধানসভাৰ মজিয়াত দেৱব্ৰত শইকীয়াই সোধা প্ৰশ্নৰ সন্তোষজনক উত্তৰ নোপোৱা বুলিও অভিযোগ কৰে দেৱব্ৰত শইকীয়াই (Opposition protest against Assam govt)।
ইপিনে বিধানসভাৰ বাহিৰত কংগ্ৰেছৰ বিধায়িনী দলে ভূমিহীনক মাটি প্ৰদান, দুৰ্নীতি মুক্ত নিয়োগ নিশ্চিত কৰণ, অবৈধভাৱে মাদ্ৰাছা ভাঙি দিয়াৰ বিচাৰ, মাতৃভাষাৰ পাঠশালা ৰক্ষা ইত্যাদি দাবী সম্বলিত প্লে’কাৰ্ড প্ৰদৰ্শন প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক: ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে