ETV Bharat / city

শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দিয়াটো ভুল আছিল: দেবব্ৰত শইকীয়া

author img

By

Published : Mar 8, 2022, 10:31 PM IST

''শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দিয়াটো ভুল আছিল'' মঙলবাৰে এইদৰেমন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrata Saikia criticize Sherman Ali) । বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কংগ্ৰেছ দল সম্পৰ্কত কৰা কেতবোৰ মন্তব্যক লৈ এতিয়া ক্ষুব্ধ হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ৷

opposition-leader-debabrata-saikia-criticize-mla-sherman-ali
"শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দিয়াটো ভুল আছিল" দেবব্ৰত শইকীয়া

গুৱাহাটী, 8মাৰ্চ : মঙলবাৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কংগ্ৰেছ দল সম্পৰ্কত কৰা কেতবোৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । বিধায়ক শ্বেৰমান আলীয়ে কোনো তৃতীয় পক্ষৰ শক্তিৰ প্ৰৰোচনাত এনেদৰে কিছুমান পুৰণা কথা কৈছে বুলি উল্লেখ কৰে দেবব্ৰত শইকীয়াই (Debabrata Saikia criticize Sherman Ali) ৷

লগতে, কংগ্ৰেছ দলে সংখ্যালঘুসকলৰ বহু ক্ষতি কৰা বুলি বিধায়কগৰাকীয়ে কৰা অভিযোগ সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ''কংগ্ৰেছে যদি সংখ্যালঘুসকলৰ ক্ষতি কৰিছে তেন্তে শ্বেৰমান আলী কিয় কংগ্ৰেছৰ টিকটত জয়ী হৈ আহিছিল ৷ কংগ্ৰেছ দলৰ সদস্য হ'বৰ সময়ত এই কথাবোৰ মনত পৰা নাছিল নেকি'' বুলি বিৰোধী দলপতিগৰাকীয়ে বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীক প্ৰশ্ন কৰে । ইয়াৰোপৰি, কৰোবাৰ হাতৰ পুতলা হৈ কংগ্ৰেছ দলক ক্ষতি কৰিবলৈ বিধায়ক আলীয়ে এই কথাবোৰ কৈছে বুলি উল্লেখ কৰে শইকীয়াই ৷

আনহাতে, 90ৰ দশকত বৰপেটা জিলাত সন্ত্ৰাসবাদীয়ে সংখ্যালঘু লোকসকলক হত্যা কৰাৰ সময়ত কংগ্ৰেছ দলে একো কাম কৰা নাছিল বুলি বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে কয় যে, পৰবৰ্ত্তী সময়ত আৰক্ষী-প্ৰশাসনে লোৱা ব্যৱস্থাৰ বাবেই তেনে ধৰণৰ ঘটনা সেই অঞ্চলত পুনৰ হোৱা নাই ।

সেইদৰে নেলী আৰু চাউলখোৱাৰ দৰে ঘটনাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছে যদিও সেইসময়ত কংগ্ৰেছৰ শাসন নাছিল বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।লগতে সেইসময়ত ৰাষ্ট্ৰপতিৰ শাসন চলি আছিল । বিধায়কগৰাকীয়ে কংগ্ৰেছ দলক ক্ষতি কৰাৰ উদ্দেশ্যে শ্বেৰমান আলীয়ে এইদৰে বিভিন্ন মন্তব্য কৰা বুলি দেবব্ৰত শইকীয়াই উল্লেখ কৰে । তদুপৰি শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দিয়াটো ভুল আছিল বুলি দেবব্ৰত শইকীয়াই সাংবাদিকৰ আগত স্বীকাৰ কৰে ।

লগতে পঢ়ক : ভয়ৰ সৃষ্টি কৰি সম্পত্তি দখলৰ চেষ্টা চলাই বিপদত পৰিছে ইৰান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.