ETV Bharat / city

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী: তদন্ত বিচাৰি ৰাজ্যপালক চিঠি কংগ্ৰেছৰ - Land grabbing allegation against CM family

মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ অভিযোগে এতিয়া ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে ৷ মুুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ন্যায়িক তদন্ত বিচাৰি শুকুৰবাৰে ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷

Assam CM wife accused of involvement in Land Grabbing
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী
author img

By

Published : Dec 17, 2021, 5:45 PM IST

গুৱাহাটী, ১৭ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পৰিয়ালৰ লোকৰ মালিকানাধীন কোম্পানীৰ নামত চৰকাৰী মাটি ক্ৰয়(Land grabbing allegation against CM family) কৰা ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ ৰাজ্যপালক দাবী জনাইছে কংগ্ৰেছ দলে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শুকুৰবাৰে এই সন্দৰ্ভত ৰাজ্যপাল জগদীশ মুখীলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

Assam CM wife accused of involvement in Land Grabbing
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী

ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰখনত কংগ্ৰেছ নেতাদ্বয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড(RBS Realtors Private Limited) নামৰ কোম্পানীটোৱে কামৰূপ জিলাৰ বঙৰাত ২৯ বিঘা ৯ লেচা চৰকাৰী ভূমি ক্ৰয় কৰিছে ৷ এই মাটিখিনি আচলতে ভূমিহীন লোকৰ বাবেহে আৱন্টন দিয়া হৈছিল । এই ক্ষেত্ৰত অসমৰ সকলো ভূমি আইন আৰু ভূমি নীতি ভংগ কৰা হৈছে ।

পত্ৰখনত লগতে উল্লেখ কৰা হয় যে, ভূমি নীতি ১৯৮৯ আৰু চিলিং আইন ১৯৫৬(Ceiling On Land Holdings Act, 1956) মতে এইদৰে কোনো কোম্পানীয়ে চৰকাৰী ভূমি ক্ৰয় কৰিব নোৱাৰে । ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰখনত প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ কোম্পানী আৰু বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেডে সংঘটিত কৰা ভূমি কেলেংকাৰীৰ বিৰুদ্ধে অসমৰ ৰাইজৰ স্বাৰ্থত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰি দোষীক শাস্তি দিবলৈ ৰাজ্যপালক আহ্বান জনায় ৷

লগতে পঢ়ক : ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰীৰ নিৰপেক্ষ তদন্তৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.