ETV Bharat / city

আমবাৰীত 'One Stop kitchen' ফুড এপ মুকলি - ৰাহুল হাজৰিকা

অসম চৰকাৰৰ অধীনস্থ আছাম ষ্টাৰ্ট আপৰ কাৰ্যালয়ত মুকলি কৰা হয় "One Stop kitchen" নামে এক ফুড এপ ৷

আমবাৰীত 'One Stop kitchen' ফুড এপ মুকলি
আমবাৰীত 'One Stop kitchen' ফুড এপ মুকলি
author img

By

Published : Nov 14, 2020, 10:56 AM IST

গুৱাহাটী, 14 নৱেম্বৰ : মহানগৰীৰ আমবাৰীস্থিত অসম চৰকাৰৰ অধীনস্থ আছাম ষ্টাৰ্ট আপৰ কাৰ্যালয়ত 'One Stop kitchen' চমুকৈ OSK নামৰ এটা ফুড এপ মুকলি কৰা হয় । এই মোবাইল এপৰ জৰিয়তে গুৱাহাটীৰ ৰাইজে নানা ধৰণৰ খাদ্য অৰ্ডাৰ কৰিব পাৰিব ।

'One Stop Kitchen' হৈছে উত্তৰ-পূৱৰ প্ৰথমটো চুপাৰ ফুড এপ । বিগত তিনি বছৰ ধৰি গুৱাহাটীত OSK ফুড এণ্ড টেকন'লজী প্ৰাইভেট লিমিটেডে ৰাইজক সেৱা আগবঢ়াই আহিছে । অসম চৰকাৰৰ অধীনস্থ ষ্টাৰ্ট আপ নেষ্টৰ সহযোগত এই উদ্যোগটোক এক গতিশীল ৰূপ দিয়া হৈছে ।

আমবাৰীত 'One Stop kitchen' ফুড এপ মুকলি
'One Stop kitchen' ফুড এপ মুকলি

গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই সুবিধা প্ৰদানৰ পৰিকল্পনা হাতত লৈছে OSK ফুড এণ্ড টেকন'লজী প্ৰাইভেট লিমিটেডে । তাৰোপৰি ৰাজ্যৰ বাহিৰতো এই পৰিকল্পনা সম্প্ৰসাৰণ কৰাৰো লক্ষ্য আছে তেওঁলোকৰ । উল্লেখযোগ্য যে 2017 চনত ৰাহুল হাজৰিকাৰ প্ৰচেষ্টাত গঢ়লৈ উঠা 'One Stop kitchen'য়ে উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন ক্লাউড কিটচেন হোৱাৰ লগতে গুৱাহাটীৰ সৰ্বোৎকৃষ্ট ক্লাউড কিটচেনৰ স্বীকৃতি লাভ কৰিছে ।

লগতে পঢ়ক : সেনা জোৱানৰ সৈতে দিপাৱলী পালন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.