ETV Bharat / city

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি - আৰক্ষী

গুৱাহাটীৰ খাৰঘূলিত সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এটি ১২ বছৰীয়া কিশোৰৰ সলিল সমাধি ৷ গৰু বিহুৰ দিনা ৰাজ্যৰ ভিন্ন স্থানত এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে ৷

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি

author img

By

Published : Apr 14, 2021, 7:45 PM IST

গুৱাহাটী,১৪ এপ্ৰিল: বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে দুখৰ খবৰ ৷ বুধবাৰে বিয়লি গুৱাহাটীৰ খাৰঘূলিত এক শোকাৱহ ঘটনা সংঘটিত হয় । সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এটি ১২ বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটে । আৰক্ষীয়ে জনোৱা মতে, খাৰঘূলিৰ নন্দন শইকীয়া নামৰ কিশোৰটিয়ে বিয়লি সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল । কিন্তু নৈৰ সোঁতে কিশোৰটিক মাজলৈ লৈ যোৱাত লগৰীয়াসকলে উদ্ধাৰৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ।

পাছত স্থানীয় লোকে কিশোৰটিক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । ইফালে আন এটি কিশোৰ নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে । এই শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে, গৰু বিহুৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তত নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটা কেইবাটাও শোকাৱহ ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক : বিচিপিএলৰ মুখ্য প্ৰবন্ধকৰ ক’ভিডত মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.