গুৱাহাটী, 15 জানুৱাৰী: গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ পাণ্ডু বজাৰত শণিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Maligaon)। চিটি বাছ এখনে এজন ৰিক্সা চালকক খুন্দা মৰাৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয় । দূৰ্ঘটনাটোত ৰিক্সা চালকজনৰ থিতাতে মৃত্যু হয় ।
নিহত ৰিক্সা চালকজন গুৱাহাটীৰ বিষ্ণু মন্দিৰৰ মুনিম বৰা । দুৰ্ঘটনাটো সংঘটিত কৰা AS25-DC-6394 নম্বৰৰ চিটি বাছখন প্ৰশিক্ষণপ্ৰাপ্ত চালকৰ পৰিৱৰ্তে এজন হেন্দিমেনে চলাইছিল বুলি জানিব পৰা গৈছে । হেন্দিমেনজনে তীব্ৰ বেগত চিটি বাছ খন চলাই আহিছিল । আৰক্ষীয়ে জনোৱা অনুসৰি চালকৰ আসনত থকা হেন্দিমেনজনে সুৰামত্ত হৈ তীব্ৰবেগত বাছখন চলোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷
দূৰ্ঘটনাটোৰ সম্পূৰ্ণ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হয় ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
লগতে পঢ়ক: Road accident at Silchar : দোমাহীৰ দিনা শিলচৰত সংঘটিত পথ দুুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুৱে