ETV Bharat / city

গুৱাহাটীত উত্তৰপূৱ ভাৰতৰ প্ৰথমখন প্ৰাকশৈশৱ শিক্ষা সন্মিলন - গুৱাহাটীত উত্তৰপূৱ ভাৰতৰ প্ৰথমখন প্ৰাকশৈশৱ শিক্ষা সন্মিলন

আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত মহানগৰীৰ নেডফি হাউচত অনুষ্ঠিত কৰা হয় উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন প্ৰাক-শৈশৱ শিক্ষা সন্মিলন ।

গুৱাহাটীত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন প্ৰাক-শৈশৱ শিক্ষা সন্মিলন
author img

By

Published : Oct 21, 2019, 7:47 AM IST

গুৱাহাটী, 20 অক্টোবৰঃ দেওবাৰে আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত মহানগৰীৰ নেডফি হাউচত অনুষ্ঠিত কৰা হয় উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন প্ৰাক-শৈশৱ শিক্ষা সন্মিলন । 'আজিৰ শিশু কালিলৈৰ ভৱিষ্যৎ' এই কথাষাৰক মূলমন্ত্ৰ হিচাপে লৈ আয়োজন কৰা হৈছে এই সন্মিলন ৷ সন্মিলনখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মানৱ অধিকাৰ আয়োগৰ সদস্য় ডঃ দ্যানেশ্বৰ মনোহৰ ৷

দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৮ গৰাকী শিশুৱে শিক্ষাৰ ওপৰত বক্তৃতা প্ৰদান কৰে । লগতে এই সন্মিলনৰ লগত সংগতি ৰাখি পিনাকল এডুকেশ্বন এৱাৰ্ড ২০১৯ প্ৰদান কৰা হয় । শিশু শিক্ষাৰ লগত জড়িত শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষকক প্ৰদান কৰা হয় এই বঁটা । কিডজী, শ্বেমৰক, টিণ্ডাৰ পেটেলছ, কেংগাৰু কিডছ, পীক এ বুৰ, লিটিল মিলেনিয়ামৰ নামৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰধান শিক্ষকক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰদান কৰে এই বঁটা ৷ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজৰ ভাষণ প্ৰসংগত কয় যে, "বৰ্তমান সমাজত সকলোৱে আইপেড, আইফোন, ইন্টাৰনেট ব্যৱহাৰ কৰে যদিও কোনোৱে গৃহহীন শিশুৰ অথবা দৰিদ্ৰ পৰিয়ালৰ শিশুৰ কথা নকয় । শিশু সুৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Intro:দেওবাৰে আৰ্লি চাইল্ড ডেভেলপমেন্ট ফৰামৰ উদ্যোগত মহানগৰীৰ নেটফি হাউচত অনুষ্ঠিত হয় উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন প্ৰাক-শৈশৱ শিক্ষা সন্মিলন। 'আজিৰ শিশু কািৱৈ দেশৰ ভৱিষ্য' এই কথাষাৰক মূল মন্ত্ৰ হিচাপে লৈ আয়োজন কৰা হৈছে এই সন্মিলনৰ। এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মানৱ অধিকাৰ আয়োগৰ ডঃ দ্যানেশ্বৰ মনোহৰৰ। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৮গৰাকী শিশু শিক্ষাৰ ওপৰত বক্তৃতা প্ৰদান কৰে। ইফালে এই সন্মিলনৰ লগত সংগতি ৰাখি পিনাকল এডুকেশ্বন এৱাৰ্ড ২০১৯ প্ৰদান কৰা হয়। শিশু শিক্ষাৰ লগত জড়িত শিক্ষা প্ৰতিষ্ঠান আৰু শিক্ষকক প্ৰদান কৰা হয় এই বঁটা। কিদজী, শ্বেমৰক, টিণ্ডাৰ পেটেলছ, কেংগাৰু কিদছ, পীক এ বুৰ, লিটিল মিলেনিয়ামৰ নামৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰধান শিক্ষকক শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে প্ৰদান কৰে পিনাকল এডুকেশ্বন বঁটা। আনহাতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে নিজৰ ভাষণ প্ৰসংগত কয়, "বৰ্তমান সমাজত সকলোৱে আইপেড, আইফোন, ইন্টাৰনেট ব্যৱহাৰ কৰে যদিও কোনোৱে গৃহহীন শিশুৰ অথবা দৰিদ্ৰ পৰিয়ালৰ শিশুৰ কথা নকয়।" শিশু সুৰক্ষা আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.