ETV Bharat / city

Coir Expo in Guwahati : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে নৰ্থ ইষ্ট' কয়ৰ এক্সপ’ - North East Coir Expo in Guwahati

বৃহস্পতিবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে নৰ্থ ইষ্ট' কয়ৰ এক্সপ’(North East Coir Expo held at srimanta sankardev kalakshetra ) ৷ এই কথা সদৰি কৰে Coir Board ৰ অধ্যক্ষ ডি কুপ্পুৰামুয়ে ৷

north-east-coir-expo-to-be-held-at-srimanta-sankardev-kalakshetra-auditorium-guwahati
বৃহস্পতিবাৰ পৰা গুৱাহাটীত নৰ্থ ইষ্ট কয়ৰ এক্সপো
author img

By

Published : Dec 16, 2021, 2:20 PM IST

গুৱাহাটী, 16 ডিচেম্বৰ : গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নাৰিকলৰ ভোবৰ মেলা(North East Coir Expo held in guwahati) ৷ বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত Coir Boardৰ অধ্যক্ষ ডি কুপ্পুৰামুয়ে অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই কথা সদৰি কৰে ৷ এই মেলা অসমত Coir উদ্যোগসমূহক উৎসাহিত কৰাৰ বাবে এই মেলাৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ।

জানিব পৰা মতে, ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মধ্যম উদ্যোগ মন্ত্ৰালয়(Ministry of Micro, Small and Medium Enterprises)ৰ অধীনস্থ Coir Board ৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই মেলাত দেশৰ বিভিন্ন ঠাইৰ Coir উদ্যোগ সমূহে ভাগ ল'ব ৷ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত সংবাদমেলখনত ডি কুপ্পুৰামুয়ে অংশগ্ৰহণ কৰি কয় যে, Coir Board য়ে অসমত Coir উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দি আহিছে ।

ইতিমধ্যে গুৱাহাটীত Coir Board ৰ এটা উপ মাণ্ডলিক কাৰ্যালয় আৰু শ্বোৰুম স্থাপন কৰা হৈছে বুলি জানিব দিয়ে অধ্যক্ষগৰাকীয়ে ।

north-east-coir-expo-to-be-held-at-srimanta-sankardev-kalakshetra-auditorium-guwahati
বৃহস্পতিবাৰ পৰা গুৱাহাটীত নৰ্থ ইষ্ট কয়ৰ এক্সপো

ইয়াৰোপৰি অধ্যক্ষগৰাকীয়ে কয় যে, উত্তৰ পূৰ্বাঞ্চলত বছৰি 187.77 নিযুত নাৰিকল উৎপাদন হয় । ইয়াৰে 159.87 নিযুত নাৰিকল অকল অসমতে উৎপাদন হয় । সম্প্ৰতি অসমৰ বৰপেটা, নলবাৰী, বঙাইগাঁও, বাকসা আৰু তিনিচুকীয়াত Coir উদ্যোগ আছে । লগতে অসমত 56 টা পঞ্জীয়নভুক্ত Coir উদ্যোগ আছে । এই নাৰিকলৰ ভোবৰ( Coir) ৰ পৰা বিভিন্ন সামগ্ৰী যেনে Coir Mats, Coir Piths, Coir Handicrafts, Coir Toys আৰু Coir Mattresses তৈয়াৰ হয় বুলি কয় অধ্যক্ষ ডি কুপ্পুৰামুয়ে ।

উক্ত সংবাদমেলখনত Coir Boardৰ অধ্যক্ষ ডি কুপ্পুৰামুয়ে কয় যে, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত Coir উদ্যোগে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ অৱকাশ আছে । এই Coir উদ্যোগ পৰিৱেশৰ বাবেও অনুকুল । দেশৰ কেৰেলা আৰু তামিলনাডুত যথেষ্ট Coir উদ্যোগ গঢ়ি উঠিছে । ইতিমধ্যে 2020-21 চনত দেশৰ পৰা 3778.98 কোটি টকাৰ নাৰিকলৰ ভোবৰ( Coir) আৰু নাৰিকলৰ ভোবৰ( Coir) ৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী ৰপ্তানি কৰা হৈছে ।

সম্প্ৰতি দেশত পঞ্জীয়নভুক্ত 1570 টা নাৰিকলৰ ভোবৰৰ ৰপ্তানিকাৰী (Coir exporters ) আছে। লগতে এই Coir উদ্যোগসমূহৰ লগত দেশৰ 7 লাখতকৈ অধিক কৰ্মচাৰী জড়িত আছে । এই উদ্যোগৰ লগত জড়িত 80 শতাংশ কৰ্মচাৰীয়ে মহিলা বুলি জানিব দিয়ে Coir Boardৰ অধ্যক্ষ ডি কুপ্পুৰামুয়ে ।

লগতে পঢ়ক : পৰ্টেলৰ নামত মানুহক আৰু ব্লেকমেইলিং কৰিব নোৱাৰিব: পীয়ুষ হাজৰিকা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.