ETV Bharat / city

Demand for ST status : যাদুৰ বাকচত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ

author img

By

Published : Dec 15, 2021, 5:49 PM IST

তিনিবছৰে মন্ত্রী গোটে দাখিল কৰা নাই প্ৰতিবেদন । বিগত তিনি বছৰে প্রতিবেদন দাখিল কৰিবলৈ সময় নােপােৱা ৰাজ্য চৰকাৰখনৰ হেমাহিৰ কথা সংসদৰ মজিয়াতে উন্মোচিত হৈছে । অসমৰ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ (ST status of six communities) বাবে ৰাজ্য চৰকাৰে ২০১৯ চনৰ ১৪ জানুৱাৰীতে গঠন কৰিছিল মন্ত্রী গােটৰ এখন কমিটী । ২০১৯ চনৰ লােক সভা নির্বাচনৰ পূর্বে কেন্দ্ৰীয় চৰকাৰখনে আনকি ৰাজ্যসভাত ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ বাবে এখন বিধেয়কো উত্থাপন কৰিছিল । কিন্তু আশ্চর্যজনকভাৱে চৰকাৰখনে বিধেয়কখন গৃহীত কৰাৰ বাবে কোনাে ধৰণৰ চেষ্টা নচলালে ।

Demand for ST status
Demand for ST status

গুৱাহাটী, ১৪ ডিচেম্বৰ : ৰাজ্যৰ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এতিয়াও অমীমাংসিত হৈ আছে (ST status for six communities of Assam)। জনজাতিকৰণৰ বিষয়টোক লৈ বর্তমানেও অব্যাহত আছে অনিশ্চয়তা । বিগত সময়ছোৱাত ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে জনজাতিকৰণৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে (Protest for ST status in Assam) যদিও কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই ।

ৰাজ্য আৰু কেন্দ্ৰত শাসন চলাই থকা বিজেপি চৰকাৰ দুখনে কোনােধৰণৰ গুৰুত্ব প্রদান কৰা নাই (Both State and Central govt ignore the ST issue) । আনকি, ২০১৯ চনতে বর্তমানৰ মুখ্যমন্ত্রী তথা সেই সময়ৰ বিত্তমন্ত্ৰী মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত মন্ত্রী গােটে আজিলৈকে কেন্দ্ৰৰ ওচৰত নিজৰ প্রতিবেদনেই দাখিল কৰা নাই । বিগত তিনি বছৰে প্রতিবেদন দাখিল কৰিবলৈ সময় নােপােৱা ৰাজ্য চৰকাৰখনৰ এই হেমাহিৰ কথা আনকি সংসদৰ মজিয়াতে উন্মোচিত হৈছে ।

ৰাজ্যৰ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত লােকসভাত উত্থাপন কৰিছিল নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে । এই সন্দৰ্ভত কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্রী বিশ্বেশ্বৰ টুডুৱে সদনত দিয়া তথ্য মতে অসমৰ মটক, মৰাণ, টাই আহােম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগােষ্ঠীৰ লােকসকলক জনজাতিৰ স্বীকৃত প্রদান কৰাৰ বাবে ৰাজ্য চৰকাৰখনে প্ৰেৰণ কৰা এক প্রস্তাৱ কেন্দ্রীয় চৰকাৰে লাভ কৰিছিল ।

আনহাতে, জনজাতিকৰণৰ বাবে প্রয়ােজনীয় অৰ্হতা থকা জনগােষ্ঠীসমূহক কেন্দ্রীয় চৰকাৰে নিয়ম অনুসৰি জনজাতিৰ মর্যাদা প্রদান কৰিছিল । অসমৰ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰখনে ২০১৯ চনৰ ১৪ জানুৱাৰীত মন্ত্রী গােটৰ এখন কমিটী গঠন কৰিছিল । কিন্তু উক্ত কমিটীখনে এতিয়ালৈকে কোনাে প্রতিবেদন কেন্দ্রৰ ওচৰত দাখিল কৰা নাই । প্রণিধানযােগ্য যে ৰাজ্যৰ ছয় জনগােষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিটো ৰাজনৈতিক দলেই দীর্ঘদিনে ৰাজনীতি কৰি আহিছে ।

ৰাজ্যখনত অনুষ্ঠিত প্রতিটো নিৰ্বাচনৰ পূর্বে জনজাতিকৰণৰ বিষয়টো উত্থাপিত হয় আৰু নিৰ্বাচনৰ পাছতে ৰাজনৈতিক দলবােৰৰ বাবে অপ্রাসংগিক হৈ পৰে বিষয়টো । আনহাতে যিসকল নেতাই জনজাতিকৰণৰ বাবে আন্দোলন কৰি আহিছিল উক্ত নেতাসকলৰ প্রায়সংখ্যকেই ৰাজনৈতিক দলত যােগদান কৰাৰ বাবেও জনজাতিকৰণৰ বিষয়টো একপ্রকাৰ তল পৰা পৰিলক্ষিত হৈছে । প্ৰকৃততে ৰাজ্যৰ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ২০১৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতেই বিজেপিয়ে কিছু তৎপৰতা প্রদর্শন কৰিছিল ।

আনকি সেই সময়ত কেন্দ্রীয়মন্ত্রী হৈ থকা সৰ্বানন্দ সােণােৱালে ২০১৬ চনত অনুষ্ঠিত হ'ব লগীয়া অসম বিধানসভা নির্বাচনৰ (Assam assembly election 2016) প্রতি লক্ষ্য ৰাখি দিল্লীত তদানীন্তন কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙৰ সৈতে ছয় জনগােষ্ঠীৰ নেতাসকলক লৈ বৈঠক অনুষ্ঠিত কৰিছিল । উক্ত বৈঠকতে জনজাতিকৰণৰ বাবে এখন মডেলিটি কমিটী গঠন কৰাৰ সিদ্ধান্ত লােৱা হৈছিল ।

কেন্দ্রীয় চৰকাৰৰ এনে কাম-কাজত মােহিত হৈয়ে ছয় জনগােষ্ঠীৰ লােকসকলে ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল । কিন্তু ক্ষমতালৈ অহাৰ পাছত কেন্দ্ৰ আৰু ৰাজ্যত শাসন চলাই থকা বিজেপিৰ চৰকাৰ দুখনে জনজাতিকৰণৰ কথা পাহৰি থাকিল । ইয়াৰ পাছত ২০১৯ চনৰ লােক সভা নির্বাচনৰ পূর্বে পুনৰ জনজাতিকৰণৰ কথা মনত পৰি কেন্দ্ৰীয় চৰকাৰখনে আনকি ৰাজ্য সভাত ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ বাবে এখন বিধেয়কো উত্থাপন কৰিছিল ।

কিন্তু আশ্চর্যজনকভাৱে চৰকাৰখনে বিধেয়কখন গৃহীত কৰাৰ বাবে কোনাে ধৰণৰ চেষ্টা নচলালে । সেই সময়ত ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ বাবে প্রয়ােজনীয় মডেলিটি প্রস্তুত কৰাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পাঁচজনীয়া মন্ত্রী গােটৰ কমিটীও গঠন কৰি দিছিল । নির্বাচনৰ প্রতি লক্ষ্য ৰাখিয়েই মন্ত্রী গােটে দুটা মাহত এঘাৰখনকৈ বৈঠকে অনুষ্ঠিত কৰিছিল । কিন্তু নির্বাচনৰ পাছতেই সকলাে ফুটুকাৰ ফেনত পৰিণত হ'ল ।

বিগত তিনি বছৰে মন্ত্রী গােটে প্রতিবেদন দাখিল কৰাৰ বাবে সময়েই নাপালে । ইফালে সেই সময়ৰ মন্ত্রী গােটৰ অধ্যক্ষ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ল ড° হিমন্ত বিশ্ব শর্মা । কিন্তু মুখ্যমন্ত্রী হােৱাৰ পাছতাে বিষয়টোত আজিলৈকে অলপাে গুৰুত্ব দিয়া নাই ড° হিমন্ত বিশ্ব শৰ্মাই । ফলত এতিয়া ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ সমগ্ৰ বিষয়টোৱেই অনিশ্চয়তাৰ গৰ্ভত সােমাই পৰিছে ।

লগতে পঢ়ক : Akhil Gogoi's vs CM Himanta: মুকলি বিতৰ্কলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ অখিলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.