গুৱাহাটী, 2 আগষ্টঃ মহানগৰীত এটিএমৰ পৰা ধন উলিয়াবলৈ হাবাথুৰি খাবলগীয়া হৈছে সাধাৰণ ৰাইজে। কিয়নো গুৱাহাটীৰ অধিকাংশ এটিএমত নাই কেছ । মহানগৰীৰ মালিগাঁৱতো একেই অৱস্থা । এতিয়া কেছ বিচাৰি এটিএমে এটিএমে তাতবাতি কাঢ়িব লগীয়া হৈছে মহানগৰ তথা সকলো গ্ৰাহকে।
উল্লেখ্য যে, দুই-এটা এটিএমত কেছ উপলব্ধ যদিও সেই এটিএমৰ বাহিৰত বহুতো লোকৰ ভিৰ পৰিলক্ষিত হৈছে। সকলোৱে ধন বিচাৰি আহিছে কিন্তু প্ৰায় সংখ্যক এটিএমতে পোৱা নাই টকা। কি SBI, কি HDFC সকলো বেংকৰ এটিএমত নাই ধন। কোনোবাটো এটিএমত যদি কেছ নাই, আন কোনোবাটো আকৌ বিকল। মুঠতে টকা বিচাৰি এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে মহানগৰীৰ গ্ৰাহক সকলৰ মাজত । যাৰ বাবে গ্ৰাহক সকলে ক্ষোভ প্ৰকাশ কৰিছে বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
লগতে পঢ়ক- বানত প্ৰাণ হেৰুৱালে 110 গৰাকীয়ে