ETV Bharat / city

সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশক আওকাণ কৰি মহানগৰীত মজুত ফটকা - পোহৰৰ উৎসৱ

মূল্যহীন সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ,প্ৰশাসনৰ চকুৰ সমূখতে ফটকা মজুত গুৱাহাটীত ৷

সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশক আওঁকান কৰি মহানগৰীত মজুত ফটকা

author img

By

Published : Nov 9, 2020, 12:54 PM IST

গুৱাহাটী, 9 নৱেম্বৰ : ন্যায়াধীকৰণৰ নিৰ্দেশনাক আওকাণ অসম চৰকাৰৰ ৷ ট্ৰাকে-ট্ৰাকে ফটকা-আতচবাজীৰে ভৰি পৰিছে গুৱাহাটীৰ কেবাটাও গুদামঘৰ ৷ যোৱা দুদিনৰ ভিতৰত কলকাতা,শিৱকাচিৰ পৰা গুৱাহাটীৰ ফাঁচীবজাৰ তথা দাঁতিকাষৰীয়া অঞ্চললৈ কমেও 15 ট্ৰাক ফটকা-আতচবাজী আমদানি কৰা হৈছে । ইয়াৰ খবৰ লাভ কৰাৰ পিচতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাই সংশ্লিষ্ট প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে ৷

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাক অৱজ্ঞা কৰিছে অসম চৰকাৰে । সমাগত দীপাৱলীৰ বাবে দুদিনতে বহিঃৰাজ্যৰ পৰা গুৱাহাটীলৈ আহিছে 15 ট্ৰাক ফটকা-আতচবাজী । মহামাৰী কৰ'ণা ভাইৰাছত আক্রান্ত হৈ সুস্থ হোৱা লোকসকল এইপৰ্যন্ত হাওঁফাওঁৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা নাই । তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যই এইবেলি পোহৰৰ উৎসৱ দীপাৱলীত ফটকা-আতচবাজী ব্যৱহাৰ নকৰাৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

কিন্তু ইয়াৰ বিপৰীতে মুষ্টিমেয় কেইজনমান বণিয়াক তুষ্ট কৰাৰ স্বাৰ্থতে অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাক অৱজ্ঞা কৰি ইতিমধ্যে দীপাৱলীত ফটকা-আতচবাজী প্ৰদৰ্শন হ'ব বুলি ঘোষণা কৰিছে । যোৱা দুদিনৰ ভিতৰত কলকাতা, শিৱকাচিৰ পৰা গুৱাহাটীৰ ফাঁচীবজাৰ তথা দাঁতিকাষৰীয়া অঞ্চললৈ ফটকা-আতচবাজী আমদানি কৰা হৈছে আৰু ইয়াক গুৱাহাটীৰ বিভিন্ন গুদামত মজুত কৰি ৰখা হৈছে । বিশেষকৈ উত্তৰ গুৱাহাটীৰ এটা গুদামঘৰৰ উপৰিও ফাঁচীবজাৰৰ "ম'ৰ মাৰ্কেট"ৰ গুদামতো অবৈধভাৱে কেইবালাখ টকাৰ ফটকা মজুত কৰি ৰখাৰ খবৰ আৰক্ষীৰ শীর্ষ মহলৰ কেবাটাও বিভাগে লাভ কৰা স্বত্বেও কোনো পদক্ষেপ লোৱা নাই । এইমুহূৰ্তলৈ অবৈধভাৱে মজুত কৰা ফটকাখিনি জব্দ কৰা হোৱা নাই ।

উল্লেখযোগ্য যে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশবিদ তথা পৰিৱেশকৰ্মী সকলৰ লগতে চিকিৎসকসকলেও এইবেলি দীপাৱলীত ফটকা-আতচবাজী প্ৰদৰ্শন নকৰাৰ বাবে বাৰম্বাৰ আহ্বান জনাইছে । কিন্তু এই ক্ষেত্ৰত বিপৰীত মেৰুত অৱস্থান কৰিছে অসম চৰকাৰে । এনে অৱস্থাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণেও আজিৰে পৰা বলৱৎ হোৱাকৈ 30 নৱেম্বৰলৈ দিল্লীকে ধৰি দেশৰ প্ৰধান মহানগৰসমূহত ফটকা-আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলৰ নেতৃত্বৰ এখন বিচাৰপীঠে এইটো নিৰ্দেশনা স্পষ্টকৈ জাৰি কৰিছে ৷ কিন্তু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এই নিৰ্দেশনালৈ কোনো ভ্ৰূক্ষেপ নাই অসম চৰকাৰৰ ৷

লগতে পঢ়ক : ফটকা বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিস্থানৰ অনুজ্ঞা পত্ৰ বাতিল দিল্লী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.