গুৱাহাটী, 29 ছেপ্টেম্বৰ: মহানগৰীৰ জালুকবাৰীত নৱনিৰ্মিত অত্যাধুনিক আৰক্ষী ভৱনটো বৃহস্পতিবাৰে মুকলি কৰা হয় (Police station building inaugurated in Jalukbari) । আৰক্ষী ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে (Commissioner of Police Harmeet Singh) । মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক আৰক্ষী থানা ভৱনটো । পূৰ্বৰ জালুকবাৰী আৰক্ষী চকীৰ ভূমিৰ ওচৰত আৰক্ষী ভৱনটো নিৰ্মাণ কৰা হৈছে ।
চাৰিবছৰ পূৰ্বে তদানীন্তন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৈত্ৰী আঁচনিৰ অধীনৰ অধীনত এই আৰক্ষী ভৱনটোৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । আৰক্ষী ভৱনটো মুকলি কৰি আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে প্ৰথম পৰ্যায়ত আৰক্ষী ভৱনটোত পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ লগতে আজাৰাৰ সহকাৰী আৰক্ষী আয়ুক্ত আৰু জালুকবাৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত কাৰ্যালয় থাকিব বুলি জানিবলৈ দিয়ে ।
জালুকবাৰী যানবাহন শাখাৰ সহকাৰী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু জালুকবাৰী আৰক্ষী চকীৰ কাৰ্যালয়ো নতুন আৰক্ষী ভৱনটোত থাকিব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । পৰৱৰ্তী সময়ত মালিগাঁও আৰক্ষী থানাৰ কাৰ্যালয়টো আৰক্ষী ভৱনটোলৈ স্থানান্তৰিত কৰা হ’ব তেওঁ সদৰী কৰে । উল্লেখ্য যে, বৰ্তমান মালিগাঁৱত এই থানাখন আছে । পৰৱৰ্তী সময়ত এই থানাৰ নাম মালিগাঁও থানা নে জালুকবাৰী থানা হিচাপে নামাকৰণ কৰা হ’ব সেয়া এতিয়ালৈ চূড়ান্ত হোৱা নাই ।
আৰক্ষী আয়ুক্ত হৰমিৎ সিঙে লগতে কয় যে, চৰকাৰী নথি-পত্ৰৰ কাম সম্পূৰ্ণ হ'লেই থানাখন পূৰ্ণাংগ থানা ৰূপে মুকলি কৰা হ'ব । আৰক্ষী ভৱনটোত অত্যাধুনিক কৰি গঢ়ি তোলা হৈছে । তেওঁ আৰু কয় যে, মৈত্ৰী আঁচনিৰ অধীনত নতুন নতুন আৰক্ষী ভৱন নিৰ্মাণ হৈ আছে । মানুহে এতিয়া আৰক্ষী থানাত আহিলে অসুবিধা অনুভৱ নকৰে ।
আৰক্ষী আয়ুক্তগৰাকীয়ে আগতকৈ গুৱাহাটীত অপৰাধ হ্ৰাস পাইছে বুলি জানিবলৈ দিয়ে । ৰাইজক অধিক সেৱা আগবঢ়োৱাৰ বাবে আৰক্ষীয়ে ভালকৈ কাম কৰা চেষ্টা কৰি আছে বুলিও তেওঁ উল্লেখ কৰে । অনুষ্ঠানত মহানগৰৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগতে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বিশেষ চৰিত্ৰত অভিনয় কৰা প্ৰীতম খাৰঘৰীয়া, কে কে, মোহন উপস্থিত থাকে ।
লগতে পঢ়ক: CBI raids in GST Bhawan : গুৱাহাটীত জি এছ টিৰ আয়ুক্তক গ্ৰেপ্তাৰ