ETV Bharat / city

নতুন নাম পালে কালাপাহাৰ-চেৰাবভাটিয়ে

মহানগৰীত দুই নতুন স্থানৰ সংযোজন ৷ বহু চৰ্চিত মহানগৰীৰ দুই স্থান কালাপাহাৰ আৰু চেৰাবভাটিৰ নতুন নাম প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে (Guwahati municipality corporation) ৷

author img

By

Published : Jul 13, 2022, 5:23 PM IST

New name- announced of-kalapahar and serabhati
নতুন নাম পালে কালাপাহাৰ আৰু চেৰাবভাটিয়ে

গুৱাহাটী, 13 জুলাই: নতুন নামেৰে নামাকৰণ গুৱাহাটীৰ কালাপাহাৰ আৰু চেৰাবভাটিৰ (New name announced ofkalapahar and serabhati)৷ বহু চৰ্চিত মহানগৰীৰ দুই স্থান কালাপাহাৰ আৰু চেৰাবভাটিৰ নতুন নাম প্ৰদান কৰিলে গুৱাহাটী পৌৰ নিগমে (Guwahati municipality corporation) ৷

বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই দুই স্থানৰ নাম (GMC Mayor Mrigen Sarania) ৷ কালাপাহাৰৰ নতুন নাম হ'ব নীলাচল নগৰ আৰু চেৰাবভাটিৰ নতুন নাম হ'ব আৰ্য নগৰ।

তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে কালাপাহাত আৰু চেৰাবভাটিৰ নতুন নামাকৰণ কৰাৰ সিন্ধান্ত লোৱাৰ সমান্তৰালকে মহানগৰীৰ 6 টা পথৰো নামাকৰণ গুৱাহাটী পৌৰ নিগমৰ ৷ গুৱাহাটী পৌৰ নিগমৰ সিদ্ধান্তমৰ্মে উলুবাৰী-কছাৰীবস্তি সংযোগী পথটোৰ নাম হ'ব বাথৌ মন্দিৰ পথ। একেধৰণে বি কে কাকতি 1নং উপপথটোৰ নাম হব পবিত্ৰ পথ, উলুবাৰী-ৰিহাবাৰী সংযোগী পথটোৰ নাম হ'ব ভৱ পথ।

আনফালে ফাঁচীবজাৰ-লাখটকীয়া সংযোগী এচ,এচ পথটোৰো নাম সলনি কৰাৰ সিদ্ধান্ত কৰে গুৱাহাটী পৌৰনিগমে ৷ অৱশ্যে এতিয়ালৈ পথটোৰ নতুন নামকৰণ হোৱা নাই ৷ অনাগত এমাহৰ ভিতৰত ঠাই সমূহৰ লগতে পথসমূহৰ নতুন নাম সমূহ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে মেয়ৰ শৰণীয়াই ৷

উল্লেখ্য যে যোৱা 15 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম গুৱাহাটী সমষ্টিৰ কালাপাহাৰ অঞ্চলৰ নাম সলনি কৰাৰ নিৰ্দেশ দিছিল ৷ ইয়াৰ পিছতেই ঠাই দুখনৰ নতুন নামক লৈ যথেষ্ট চৰ্চা হৈছিল ৷

লগতে পঢ়ক : কালাপাহাৰৰ নাম বিদায় দিব লাগে : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.