ETV Bharat / city

চলচ্চিত্ৰ নীতি অনুমোদন জনোৱা সোণোৱাল চৰকাৰক ধন্যবাদ চলচ্চিত্ৰ সমাজৰ - নেমকেয়াৰ হাস্পতাল

চলচ্চিত্ৰ জগতৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে অসম চৰকাৰে। বিগত প্ৰায় চাৰিদশক ধৰি দাবী কৰি অহা চলচ্চিত্ৰ নীতিক শেহতীয়াকৈ সোণোৱাল কেবিনেটে অনুমোদন অনুমোদন জনালে ৰাজ্য চৰকাৰৰ কেবিনেটে। চৰকাৰৰ এই ইতিবাচক সঁহাৰিৰ বাবে সোণোৱাল চৰকাৰক ধন্যবাদ জনাইছে চলচ্চিত্ৰ সমাজে।

চলচিত্ৰ নীতি অনুমোদন জনোৱা সোণোৱাল চৰকাৰক ধন্যবাদ চলচিত্ৰ সমাজৰ
author img

By

Published : Jul 24, 2019, 5:43 PM IST

গুৱাহাটী, 24 জুলাইঃ বুধবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত এক সংবাদমেল সম্বোধন কৰি চৰকাৰে চলচ্চিত্ৰ নীতি অনুমোদন জনোৱাৰ বাবে সোণোৱাল চৰকাৰক চলচ্চিত্ৰৰ সমাজ অসমে ধন্যবাদ জনায় । চৰকাৰে অনুমোদন জনোৱা চলচ্চিত্ৰনীতিখন সম্পূৰ্ণৰূপে ৰাজহুৱা কৰা নাই যদিও সকলোৰে বাবে সুবিধাজনক হ'ব বুলি মন্তব্য কৰে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই । এই নীতিয়ে অসমীয়া চলচ্চিত্ৰৰ উন্নয়ন, উত্তৰণ আৰু বিকাশৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে বৰুৱাই ।

চলচিত্ৰ নীতি অনুমোদন জনোৱা সোণোৱাল চৰকাৰক ধন্যবাদ চলচিত্ৰ সমাজৰ

ইফালে এই নীতি অনুমোদিত হোৱাৰ পিছত চলচ্চিত্ৰৰ লগত জড়িত সকলোৰে দায়িত্ব অধিক বৃদ্ধি হোৱা বুলি কয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । তাৰোপৰি ছবিগৃহ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপক শলাগ লয় চলচ্চিত্ৰ সমাজে। উল্লেখযোগ্য যে এই সংবাদমেলত পৰিচালক ৰাজেশ ভূঞা, অভিনেত্ৰী মৃদুলা বৰুৱা, সংগীত শিল্পী দিগন্ত ভাৰতীৰ লগতে চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক শিল্পী উপস্থিত থাকে ।

লগতে পঢ়কঃ নখান্দা নৈত জাঁপ দিলে যুৱকে

Intro:চলচিত্ৰ জগতৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে অসম চৰকাৰে। বিগত প্ৰায় ৪দশক জোৰা চলচিত্ৰ নীতিৰ দাবীক শেহতীয়াকৈ সোণোৱাল কেবিনেটে অনুমোদন জনাই। এই নীতিয়ে অসমৰ ছবিজগতলৈ যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে।

Body:বুধবাৰে মহানগৰীৰ নেমকেয়াৰ হস্পিতালত এক সংবাদমেল সম্বোধন কৰি চৰকাৰে চলচিত্ৰ নীতি অনুমোদন জনোৱা বাবে সোণোৱাল চৰকাৰক ধন্যবাদ জনাই চলচিত্ৰ সমাজ অসমে। চৰকাৰে অনুমোদন জনোৱা চলচিত্ৰ নীতিখন সম্পূৰ্ণৰূপে ৰাজহুৱা কৰা নাই যদিও সকলোৰে বাবে সুবিধাজনক হ'ব বুলি কয় নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই। এই নীতিয়ে অসমীয়া চলচিত্ৰৰ উন্নয়ন, উত্তৰণ আৰু বিকাশৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে বৰুৱাই। ইফালে এই নীতি অনুমোদিত হোৱাৰ পিছত চলচিত্ৰৰ লগত জড়িত সকলোৰে দায়িত্ব অনেক বৃদ্ধি হোৱা বুলি কয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। তাৰোপৰি ছবিগৃহ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপক শলাগ লয় চলচিত্ৰ সমাজে।

Conclusion:উল্লেখযোগ্য যে এই সংবাদমেলত পৰিচালক ৰাজেশ ভূঞা, অভিনেত্ৰী মৃদুলা বৰুৱা, সংগীতশিল্পী দিগন্ত ভাৰতীৰ লগতে চলচিত্ৰজগতৰ ভালেসংখ্যক শিল্পী উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.