গুৱাহাটী, ১৪ ডিচেম্বৰ : কৈ কৈ ওৰকে নপৰে ৰাকেশ-পুৰাণৰ কথা । হয়, দুর্নীতি-অনিয়ম, স্বজন-তোষণেৰে অসম লোকসেৱা আয়োগক (এ পি এছ চি) কলংকিত কৰা ৰাকেশ পালৰ কথাই কোৱা হৈছে । বৰ্তমান কাৰাগাৰত থকা ৰাকেশ পালৰ কার্যকালত সংঘটিত কেলেংকাৰীৰ যেন অন্ত নোহোৱা হৈছে । এটাৰ পাছত আনটোকে দুৰ্নীতি-অনিয়ম পোহৰলৈ আহিছে (Scam in APSC Exam)।
শেহতীয়াকৈ ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ টেবুলেশ্যন শ্বীট ফাদিল হোৱাৰ পাছত এই পৰীক্ষাত ৰাকেশ পালে সংঘটিত কৰা কেতবোৰ গুৰুতৰ অনিয়ম উন্মোচিত হৈছে । ধনৰ বিনিময়ত মন পছন্দৰ প্রার্থীসকলক পৰীক্ষাত উত্তীর্ণ কৰি দিয়াৰ বাবে টেবুলেচন শ্বীটত বহুসংখ্যক নম্বৰ বৃদ্ধি কৰি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷ ফাদিল হোৱা এই টেবুলেচন শ্বীটখনত পৱিত্র কৈৱর্তৰ উপস্থিতিত নিজৰ বাসগৃহত মন পছন্দৰ প্রার্থীসকলৰ নম্বৰ বঢ়াই দিছিল ৰাকেশ পালে (Rakesh Paul put numbers on answer sheets on APSC candidate)।
একাংশ প্রার্থীক উত্তীর্ণ কৰাই দিয়াৰ বাবে ইচ্ছা মতেই নম্বৰ বঢ়াই দিছিল ৰাকেশ পালে । লক্ষণীয়ভাৱে ৰাকেশ পালৰ আশিসধন্য হৈ এ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ হোৱা পৰীক্ষার্থীসকলৰ ক্ষেত্রত হোৱা অনিয়ম লুকুৱাবলৈ আশ্রয় লৈছিল বিভিন্ন পন্থাৰ ৷ ইয়াৰ অংশ হিচাপে এ পি এছ চিৰ ৱেবছাইটত প্রার্থীসকলে প্রকৃত উত্তৰবহীত লাভ কৰা নম্বৰ উল্লেখ কৰা হোৱা নাছিল ।
বৰঞ্চ টেবুলেচন শ্বীটত ৰাকেশ পালে নিজে বঢ়াই দিয়া নম্বৰহে ৱেবছাইটত সেইসময়ত আপলোড কৰা হৈছিল । যাতে, পৰৱর্তী সময়ত এই দুর্নীতিৰ তথ্য কোনো কাৰণতে পোহৰলৈ নাহে । একপ্রকাৰ সমগ্র এ পি এছ চিৰ ব্যৱস্থাটোকে নিজৰ হাতৰ মুঠিত ৰাখি চলাবলৈ কুণ্ঠাবোধ কৰা নাছিল এইগৰাকী বিতর্কিত আৰু দুর্নীতিগ্রস্ত অধ্যক্ষই (Rakesh Paul's scam in APSC)।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পাছত Answer Key ৰ লগতে পৰীক্ষার্থীসকলৰ নম্বৰৰ তালিকা ৱেবছাইটত আপলোড কৰাটো বাধ্যতামূলক । সেই অনুসৰিয়েই বিভিন্ন সময়ত অনুষ্ঠিত পৰীক্ষাৰ প্রার্থীসকলৰ বিষয়সমূহত লাভ কৰা নম্বৰসহ আন আন তথ্য ৱেবছাইটত আপলোড কৰা হয় । সেই অনুসৰি ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হোৱা প্রার্থীসকলৰ নম্বৰৰ তালিকাও প্রকাশ কৰা হৈছিল ৱেবছাইটত ।
প্রকৃততে তেওঁলোকে উত্তৰবহীত লাভ কৰা নম্বৰ এই ৱেবছাইটত সঠিক তথ্য হিচাপে আপলোড কৰাটো জৰুৰী । কিন্তু পৱিত্র কৈৱর্তৰ সহযোগত ৰাকেশ পালে টেবুলেচন শ্বীটত বঢ়াই দিয়া নম্বৰৰ তালিকাহে সেই সময়ত ৱেবছাইটত আপলোড কৰা হৈছিল । শেহতীয়াকৈ আৰক্ষীয়ে ভঙাগড়স্থিত ৰাকেশ পালৰ বাসগৃহৰ পৰা জব্দ কৰা টেবুলেচন শ্বীট প্রত্যক্ষ কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে ।
মন পছন্দৰ প্রার্থীক টেবুলেচন শ্বীটত নম্বৰ বঢ়াই দি পৰীক্ষাত উত্তীর্ণ কৰোৱাই ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিযুক্তি লাভৰ পথ প্রশস্ত কৰি দিছিল দুর্নীতিৰ সদাগৰ ৰাকেশ পালে । কিন্তু লক্ষণীয়ভাৱে ৰাকেশ পালে বঢ়াই দিয়া নম্বৰেৰে উত্তীর্ণ হৈ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদত নিযুক্তি লাভ কৰাৰ পাছতো এনে ৰাজপত্রিত বিষয়াক এতিয়াও গ্রেপ্তাৰ কৰা নাই তদন্তকাৰী আৰক্ষীয়ে । যাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ।
একেই অভিযোগত একাংশ প্রার্থীক গ্রেপ্তাৰ কৰাৰ পাছত আন একাংশ কিদৰে একেই অনিয়ম সংঘটিত কৰাৰ পাছতো গ্রেপ্তাৰৰ পৰা হাত সাৰি আছে সেয়াও নুবুজা সাঁথৰ হৈ পৰিছে । ৰাকেশ পালৰ আশিসধন্য হৈ চাকৰি লাভ কৰা এইসকল বিষয়াক কেতিয়া আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব সেয়া এইমুহুর্তত আটাইতকৈ ডাঙৰ প্রশ্ন হিচাপে বিবেচিত হৈছে ।
দুর্নীতিৰ সদাগৰ ৰাকেশ পালক গ্রেপ্তাৰৰ পাছত অসম লোকসেৱা আয়োগত (এ পি এছ চি) সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত প্রতিজন লোক আৰক্ষীৰ জালত পৰিব বুলি ৰাজ্যবাসীয়ে কৰা আশা কার্যতঃ পূৰণ নহ’ল । বৰঞ্চ একাংশ অভিযুক্তক গ্রেপ্তাৰ কৰিয়েই যেন দায়িত্ব সামৰিলে তদন্তকাৰী আৰক্ষীয়ে । যাৰ পৰিপ্রেক্ষিতত ৰাকেশ পালৰ আশিসধন্য হৈ এ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ হোৱা একাংশ বিষয়াই এতিয়াও চম্ভালি আছে ৰাজ্যৰ প্রশাসন ।
লগতে পঢ়ক : বজাৰত পাচলিৰ চৰা দাম; কোনে হৰলুকি কৰে কৃষকৰ লভ্যাংশ ?