গুৱাহাটী, 9 ফেব্ৰুৱাৰীঃ ভাৰতীয় ৰে'লত যাত্ৰা কৰা একাংশ যাত্ৰীৰে নাথাকে টিকট । টিকটবিহীন যাত্ৰীৰ বিৰুদ্ধে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে চলোৱা এক অভিযানত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য। এটা বছৰত টিকটবিহীন ভাৱে যাত্ৰা 7 লাখ 50 হাজাৰ ৰে’লৱে যাত্ৰীৰ ৷ যাৰ পৰিণতিত কোটি-কোটি টকাৰ ৰাজহৰ পৰা বঞ্চিত ৰে'ল বিভাগ ৷
কিন্তু শেহতীয়াকৈ এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে। শেহতীয়াকৈ বিভাগটোৱে ৰে'লৱে আইনৰ অধীনত আৰম্ভ কৰিছে এক বিশেষ অভিযান । অভিযানত বিগত এটা বছৰত ধৰা পৰিছে প্ৰায় 7 লাখ 50 হাজাৰ গৰাকী যাত্ৰীৰ টিকট খেলিমেলিৰ তথ্য । লগতে টিকটবিহীন অথবা টিকট খেলিমেলি থকা এইসকল যাত্ৰীৰ পৰা জানুৱাৰী মাহলৈ ৰে'ল বিভাগে সংগ্ৰহ কৰিছে মুঠ 57 কোটি টকাৰ জৰিমনা ।
অৱশ্যে বৰ্তমান টিকটবিহীন ভাৱে যাত্ৰা নকৰিবলৈ ৰে'ল বিভাগে যাত্ৰীসকলৰ সুবিধাৰ্থে ইতিমধ্যেই মুকলি কৰিছে এটা এপ' । ‘UTS’ নামৰ এই এপ'টোৰ জৰিয়তে সকলোৱে বিভিন্ন ধৰণৰ টিকট তথা বিভিন্ন তথ্য লাভ কৰিবলৈ সক্ষম হ'ব ।
উল্লেখযোগ্য যে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ এই অভিযান নিয়মীয়াকৈ চলি থাকিব । এই ক্ষেত্ৰত যাত্ৰীসকলক সতৰ্ক আৰু সজাগ হোৱাৰ লগতে টিকট ক্ৰয় কৰিহে যাত্ৰা কৰিবলৈ আহ্বান জনাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে ।