গুৱাহাটী, ১৭ ডিচেম্বৰ: অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মানৱাধিকাৰ উলংঘনৰ ঘটনাৰ সন্দৰ্ভত দুদিনীয়াকৈ গুৱাহাটীত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হয়(Hearing on violation of human rights in North East)। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে(National Human Rights Commission of India) বুধ আৰু বৃহস্পতিবাৰে দুদিনীয়াকৈ শুনানি গ্ৰহণ কৰাৰ পাছত শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰে । গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা সংবাদমেলত মানৱাধিকাৰ সম্পৰ্কীয় দুদিনীয়া ৰাজহুৱা শুনানিৰ বিষয়ে উল্লেখ কৰা হয় ।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰুণ মিশ্ৰই সম্বোধন কৰা সংবাদমেলখনত উপস্থিত আছিল আয়োগৰ সচিব প্ৰধান বি প্ৰধানকে ধৰি সদস্যসকল । দুদিনীয়া ৰাজহুৱা শুনানিত অসমকে ধৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, চিকিম আৰু নাগালেণ্ডৰ মানৱ অধিকাৰ উলংঘন সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰা হয় । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গ্ৰহণ কৰিছিল ৪০ টা গোচৰৰ শুনানি । ইয়াৰ ভিতৰত অসমৰ ২৩ টা, মণিপুৰৰ ১৩ টা, অৰুণাচল প্ৰদেশৰ এটা আৰু নাগালেণ্ডৰ তিনিটা গোচৰৰ শুনানি গ্ৰহণ কৰা হয় ।
নাগালেণ্ডৰ মন জিলাৰ ঘটনা (Firing incident in Mon district of Nagaland)সন্দৰ্ভত আয়োগে এছ আই টিলৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে । এই জাননীৰ সম্পূৰ্ণ উত্তৰ পোৱাৰ পিছত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে পৰ্যালোচনা কৰিব । নাগালেণ্ডৰ মন জিলাৰ ঘটনাক লৈ মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ লৈছে গোচৰ । এছ আই টিৰ প্ৰতিবেদনৰ পিছতে সিদ্ধান্ত ল'ব আয়োগে ।
আনহাতে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ প্ৰসংগত চৰকাৰে বিচাৰ কৰিব লাগে বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ । ইফালে তিনিচুকীয়া জিলাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তিলৈ ৩ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ আয়োগে নিৰ্দেশ প্ৰদান কৰে । একেদৰে নাগালেণ্ডৰ ম’ন জিলাত মৃত্যু হোৱা ১৪ গৰাকী লোকলৈ ৪.৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে আয়োগে । আনহাতে গৰুখুটিৰ উচ্ছেদৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আয়োগে । এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত বিচাৰিধীন হৈ থকা গোচৰৰ শুনানিৰ পিছতেই আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Nagaland Civilian Killing: AFSPA প্ৰত্যাহাৰৰ দাবী কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ