ETV Bharat / city

সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কাৰ্যালয়ত নগাঁও আৰক্ষীৰ অভিযান

author img

By

Published : Oct 20, 2019, 12:04 AM IST

২০১৭-১৮ বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জলপানিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ গোচৰত মহানগৰীৰ গণেশগুৰিস্থিত কাৰ্যালয়ত আৰক্ষীৰ অভিযান ৷

সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কাৰ্যালয়ত নগাঁও আৰক্ষীৰ অভিযান

গুৱাহাটী,19 অক্টোবৰ: শনিবাৰে গুৱাহাটীৰ গনেশগুৰিস্থিত সংখ্যালঘু বৰ্ডৰ কাৰ্যালয়ত অৰ্তকিতে এক অভিযান চলাই নগাঁও আৰক্ষীয়ে ৷ তথ্য অনুসৰি 2017-18 বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জলপানিৰ নামত বিভাগটোত সংঘটিত হোৱা এক কোটিটকীয়া কেলেংকাৰী গোচৰৰ তদন্তৰ বাবে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ৰুমী টিমুঙপিৰ নেতৃত্বত এটা দলে চলাই এই অভিযান ৷ অভিযানকালত আৰক্ষীয়ে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক সোধ-পোছ কৰাৰ লগতে বিভিন্ন তথ্য সংগ্ৰহ কৰে ৷

ইফালে এই কোটিটকীয়া কেলেংকাৰী সন্দৰ্ভত চাহজাহান নামৰ এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷ সাংবাদিকৰে হোৱা মুখা-মুখিত তদন্তৰ স্বাৰ্থত কেলেংকাৰী সন্দৰ্ভত অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে তদন্তকাৰী আৰক্ষী বিষয়া ৰুমী টিমুঙপি ৷

উল্লেখযোগ্য যে, 2017-18 বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জলপানিৰ নামত অহা ধন ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত আত্মসাৎ কৰিছিল একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে চি এছ পিৰ স্বত্বাধিকাৰীয়ে ৷ ইয়াৰ পাছতে কেলেংকাৰী সন্দৰ্ভত জুৰীয়া থানাত ৩৫০/১৯ নম্বৰত ৰুজু হৈছিল এটা গোচৰ ৷ তাৎপৰ্যপূৰ্ণ যে,উক্ত কেলেংকাৰী সন্দৰ্ভত চি আই ডিটো ৰুজু হৈ আছে এটা গোচৰ ৷

Intro:শণিবাৰে মহানগৰীৰ গণেশগুৰিস্থিত সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কাৰ্যালয়ত নগাঁও আৰক্ষীয়ে চলালে অভিযান। ২০১৭-১৮ বৰ্ষত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জলপানিৰ নামত সংঘটিত হৈছিল এক কোটি টকীয়া কেলেংকাৰী। ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত একাংশ বিদ্যালয়, প্ৰধান শিক্ষক আৰু CSPৰ স্বত্বাধিকাৰীয়ে মিলি সৰকাইছিল কোটি কোটি টকা। এই কেলেংকাৰী সন্দৰ্ভত জুৰীয়া থানাত ৩৫০/১৯ নম্বৰত ৰুজু হৈছে এটা গোচৰ।

Body:এই গোচৰৰ তদন্তৰ বাবে সংখ্যালঘু উন্নয়ন বোৰ্ডৰ কাৰ্যালয়ত অভিযান চলাই নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ৰুমী টিমুঙপিয়ে। কাৰ্যালয়টোৰ কৰ্মচাৰীক সোধ পোছ কৰাৰ লগতে বিভিন্ন তথ্য সংগ্ৰহ কৰে তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে। ইফালে এই কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত চাহজাহান নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। আনহাতে তদন্তৰ খাতিৰত বিশেষ মন্তব্য প্ৰদান নকৰে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ৰুমী টিমুঙপিয়ে। উল্লেখযোগ্য যে উক্ত কেলেংকাৰী সন্দৰ্ভত চি আই ডিটো ৰুজু হৈ আছে গোচৰ।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.