গুৱাহাটী, ১০ জানুৱাৰী : ‘‘ভোগালী বিহু উদযাপন কৰিবলৈ নিদিয়াটো অসম বিৰোধী চক্ৰৰ একমাত্ৰ উদ্দেশ্য । অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে ইয়াতকৈ অপমান আৰু হতাশাৰ কাৰণ একো হ’ব নোৱাৰে ৷’’ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ । ক’ভিডৰ বাবে কেৱল মাঘৰ বিহু উদযাপনতহে নিষেধাজ্ঞা জাৰি কৰাক সমালোচনা কৰে সাংসদগৰাকীয়ে (Magh Bihu SOP) ৷
৩১ ডিচেম্বৰৰ মাজনিশালৈকে নিষেধাজ্ঞা কিয় আৰোপ কৰা হোৱা নাছিল বুলিও প্ৰশ্ন কৰে অজিত কুমাৰ ভূঞাই ৷ ৬-৭ মাহ আগতে ক্ষমতাত অধিষ্ঠিত হোৱাৰে পৰা বি জে পি নেতৃত্বাধীন চৰকাৰখনে এটাৰ পিছত এটা এনে সিদ্ধান্ত লৈছে যিবোৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় ধ্বংস কৰাৰ অনেক প্ৰৱণতা স্পষ্ট হৈ পৰিছে (Ajit Kumar Bhuyan against BJP govt) বুলি উল্লেখ কৰে সাংসদ ভূঞাই ।
সাংসদগৰাকীয়ে লগতে কয়, অসম আৰু অসমীয়া জাতিৰ সংস্কৃতিক টানি-আঁজুৰি অসমখনকে উত্তৰ ভাৰতৰ এক প্ৰতিকৃতিৰূপে প্ৰতিষ্ঠা কৰিবলৈ চলোৱা ষড়যন্ত্ৰমূলক পদক্ষেপবোৰ প্ৰতিদিনেই অতি স্পষ্ট ৰূপত ধৰা পৰি আছে । যিবোৰক এই চৰকাৰখনৰ আটাইতকৈ নিন্দনীয় দিশ বুলি ক’বলৈ অকণো দ্বিধাবোধ নকৰোঁ ।
তেওঁ কয় যে, চৰম লাজ আৰু অপমানৰ কথা যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বিষয়টোকে উঠাই দিয়া হ’ল । ইয়াৰ দ্বাৰা এই চৰকাৰখনে আচলতে কাৰ স্বার্থ পূৰণ কৰিবলৈ গৈছে সেয়াও আজি ৰাইজৰ আগত স্পষ্ট ৰূপত ধৰা পৰিছে । যি সময়ত চৰকাৰৰ কৃপাদৃষ্টিৰ আশাত হেজাৰ হেজাৰ অসমীয়া মাধ্যমৰ স্কুল যন্ত্ৰণাত ককবকাই আছে তেনে এটা সময়তে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বি জে পি চৰকাৰে ৰাজ্যত ১২৬ খন ইংৰাজী মাধ্যমৰ স্কুল স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
ইয়াৰ কি পৰিণতি হ'ব সেই কথা বি জে পি চৰকাৰে অনুধাৱন কৰিব নোৱৰাটোহে আটাইতকৈ দুর্ভাগ্যৰ কথা বুলি কয় অজিত কুমাৰ ভূঞাই । ইয়াৰ আগলৈ অসমৰ কোনো এখন চৰকাৰে অসমীয়াৰ ভাষিক পৰিচিতিত কুঠাৰাঘাত কৰিব পৰা এনে কোনো সিদ্ধান্ত লোৱা নাছিল । লগতে তেওঁ অসম চুক্তিৰ ৬ নং দফা আৰু ৬ টা জনগোষ্ঠীক জনজাতিকৰ সম্পৰ্কে কয় যে, যেতিয়াই আমাৰ পৰিচিতি, আমাৰ অস্তিত্ব সুৰক্ষিত কৰাৰ প্ৰশ্ন আহে তেতিয়াই এই চৰকাৰে তাক কাষৰীয়া কৰি উৰুৱাই দিয়াৰ চেষ্টা কৰি আহিছে । এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে উচটনি দি মানুহক মেৰুকৰণ কৰাৰ উদ্দেশ্যে চৰকাৰে নাটক চলাই আছে বুলি কয় সাংসদ অজিত ভূঞাই ।
আনহাতে তেওঁ মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগ (Land grabbing allegation against CM family) সন্দৰ্ভতো কয় যে, মিৰ্জাৰ ওচৰত স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্য মিলি দুখীয়া কৃষকে পাবলগীয়া ২৯ বিঘাৰো অধিক চৰকাৰী মাটি অবৈধভাৱে হস্তগত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ।
ৰাইজে আৰু বিৰোধী ৰাজনৈতিক দলসমূহকে ধৰি বিভিন্ন পক্ষই সমগ্ৰ কেলেংকাৰীটোৰ এটা উচ্চ-পৰ্যায়ৰ তদন্ত দাবী কৰি আছে । কিন্তু মুখ্যমন্ত্ৰীজন নিৰ্বিকাৰ । যেন একো হোৱাই নাই । সঁচাকৈ যদি একো হোৱাই নাই বা সকলো বৈধভাৱেই হৈছে তেন্তে এটা উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্ত কৰোৱাবলৈ মুখ্যমন্ত্ৰীজনে ভয় খোৱাৰ কাৰণ কি বুলি প্ৰশ্ন কৰে সাংসদ ভূঞাই ৷
লগতে পঢ়ক: SOP সন্দৰ্ভত সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ প্ৰতিক্ৰিয়া