গুৱাহাটী, 4 মাৰ্চ : অসমীয়াৰ জাতীয় সত্তাটোক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰাৰ চেষ্টা কৰিছে বুলি গুৱাহাটী প্ৰেছ ক্লাবত শুক্ৰবাৰে অনুষ্ঠিত সংবাদমেলত আঞ্চলিক গণ মৰ্চা, অসমৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই অভিযোগ কৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ মাটি আৰু ভেটি নিলাম কৰি এক ভয়ানক আক্ৰমণ আৰম্ভ কৰিছে (MP Ajit Bhuyan against CM Himanta Biswa Sarma)।
মহানগৰীৰ মাজমজিয়াৰ ৰেলৰ ৫৮ বিঘা ভূমি অনা অসমীয়া ব্যৱসায়ীৰ হাতত তুলি দিয়া শেহতীয়া ঘটনাটোৱেই ইয়াৰ জ্বলন্ত উদাৰহণ । তেওঁ কয় যে, এইখন বিজেপি চৰকাৰৰ জাতি বিৰোধী কাম কাজবোৰে অসমীয়াৰ জাতীয়তাবাদী সত্তাটোৰ কফিনত শেষ গজালটো মাৰিবলৈ বি জে পি চৰকাৰ উদ্যত হৈছে । তেওঁ কয় যে, বিজেপি চৰকাৰে জাগীৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী (Problem in Jagirod and Cachar paper mill) সকলক ঠগি প্ৰতাৰণাৰ নজিৰ গঢ়িছে ।
তেওঁ অভিযোগ কৰি কয় যে কাগজ কলৰ মাটি আৰু যন্ত্ৰাংশৰ মূল্য ইচ্ছাকৃতভাৱে কমাই কমাই চৰকাৰে শ্বাহৰ পুত্ৰৰ কোম্পানীৰ হাতত কেনেকৈ পানীৰ দৰত তুলি দিব পাৰে তাৰেই চেষ্টাত আজি ব্যস্ত হৈ পৰিছে ।
এই কাগজ কল বিক্ৰীৰ আঁৰত গভীৰ ষড়যন্ত্ৰ লুকাই আছে বুলি তেওঁ কয় । সাংসদ অজিত কুমাৰ ভূঞাই মাজুলীৰ উপ নিৰ্বাচনত এইবাৰ মাজুলীৰ ৰাইজে বি জে পিক নীতি শিক্ষাৰ পাঠ পঢ়াব । বিজে পি চৰকাৰে মাজুলীত বহু প্ৰতিশ্ৰুতি দি কোনো এটা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। সংবাদমেলৰ জৰিয়তে সাংসদ অজিত কুমাৰ ভূঞাই মাজুলীৰ উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক বিজয়ী কৰাৰ বাবে মাজুলীবাসীক আহ্বান জনায় (Ajit Bhuyan urges people to vote Chitta Basumatary) ।
লগতে পঢ়ক : ম্যানমাৰৰ শিবিৰৰ পৰা নামি অহা আলফাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত