গুৱাহাটী,১৪ ছেপ্টেম্বৰঃ কংগ্ৰেছত থাকোতে নাগৰিকত্ব সংশোধনী আইন (CAA) চমুকৈ 'কা'ৰ ঘোৰ বিৰোধিতা কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi) এতিয়া 'কা'ৰ দুৰ্ঘোৰ সমৰ্থক । বিজেপিলৈ অহাৰ পাছত 'কা'ৰ সমৰ্থক হৈ পৰা ৰূপজ্যোতি কুৰ্মীয়ে 'কা'ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দিয়া গোচৰ উঠাই লৈছে ।
আজি বিধানসভা চৌহদত 'কা'ৰ সমৰ্থনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে 'কা' বিদেশীক ৰঙা দলিচা পাৰি দিয়া আইন নহয় । ইয়াৰ বাবে আবেদন কৰিব লাগিব । আগতে জনা নাছিলো যদিও এতিয়া বুজি উঠিলো বুলি তেওঁ কয় । অসমৰ ৰাইজেও বুজি উঠিছে বাবেই আন্দোলন কৰা নাই ।
কংগ্ৰেছত থকা সময়ত কৰা বিৰোধিতাৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছৰ নেতাসকলে বিদেশী আহিব বুলি চিঞৰ বাখৰ কৰিবলৈ কৈছিল বাবেহে তেওঁ 'কা'ৰ বিৰোধিতা কৰিছিল । ইয়াৰ আঁৰত কংগ্ৰেছৰ ৰাজনৈতিক মুনাফা আদায়ৰ লক্ষ্য আছিল । নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে 'কা'ক ইচ্ছ্যু কৰি লৈছিল ।