ETV Bharat / city

ৰাইজৰে মত বিনিময় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

author img

By

Published : Jun 22, 2021, 10:54 PM IST

ৰঙিয়াত উপস্থিত হ’ল কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে বিধায়ক ভৱেশ কলিতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আদৰ্শ ক'ভিড টীকাকৰণ কেন্দ্ৰটো পৰিদৰ্শন কৰে ।

minister chandramohan patowary visit rangia
ৰঙিয়াত উপস্থিত চন্দ্ৰমোহন পাটোৱাৰী

ৰঙিয়া, 22 জুন : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ১৮ বছৰ উৰ্দ্ধৰ সকলো ব্যক্তিকে কভিড-১৯ প্ৰতিষেধক প্ৰদান সফলভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যৰে সোমবাৰৰ পৰা বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া ক'ভিড টীকাকৰণ অভিযানৰ আৰম্ভ কৰা হৈছে । তাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সৈতে স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আদৰ্শ ক'ভিড টীকাকৰণ কেন্দ্ৰটো পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে উক্ত কেন্দ্ৰটোত টীকাকৰণৰ বাবে অহা ব্যক্তিসকলৰ লগত মত বিনিময় কৰে ।

ৰঙিয়াত উপস্থিত চন্দ্ৰমোহন পাটোৱাৰী

লগতে ৰাইজৰ বাবে সকলো ধৰণৰ সুবিধা সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে । পৰিদৰ্শন কালত মন্ত্ৰীৰ গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় আৰু বিনা সংকোচে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে । আনহাতে, ৰঙিয়াত যোৱা কিছুদিনৰ পৰা হৈ থকা প্ৰতিষেধকৰ নাটনিৰ বিষয়ে উল্লেখ কৰি কয় যে এই বিষয়ে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰি নাটনি দুৰ কৰা হ’ব জনায় ।

লগতে পঢ়ক : বিদ্যুৎ চুৰি কাৰ্যত জড়িত সকলক কঠোৰ সকিয়নী শক্তিমন্ত্ৰী বিমল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.