ETV Bharat / city

Compensation to flood affected farmers: কৃষকক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ মন্ত্রী অতুল বৰাৰ

author img

By

Published : Jul 20, 2022, 10:39 PM IST

বুধবাৰে কৃষিমন্ত্ৰী অতুল বৰাই জনতা ভৱনত কৃষি বিভাগ তথা অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকত বানপানীত শস্য বিনষ্ট হোৱা কৃষকক উচিত ক্ষতিপূৰণ আগবঢ়োৱাৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয় (Atul Bora orders fair compensation to flood affected farmers within stipulated time frame) ।

Minister Atul Bora orders fair compensation to flood affected farmers within stipulated time frame
বানত ক্ষতিগ্ৰস্ত কৃষকক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ মন্ত্রী অতুল বৰাৰ

গুৱাহাটী, ২০ জুলাই: ভয়াৱহ বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ইয়াৰ অংশ স্বৰূপে কৃষি বিভাগে বানপানীত ক্ষতিগ্ৰস্ত কৃষকসকলক তাৎক্ষণিকভাৱে সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । সেই উদ্দেশ্যে বুধবাৰে কৃষিমন্ত্ৰী অতুল বৰাই জনতা ভৱনত কৃষি বিভাগ তথা অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

বৈঠকত বানপানীত শস্য বিনষ্ট হোৱা কৃষকক উচিত ক্ষতিপূৰণ আগবঢ়োৱাৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয় । মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষকসকলে যাতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উচিত ক্ষতিপূৰণ লাভ কৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই প্ৰক্ৰিয়াত চোকা দৃষ্টি ৰাখিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে (Atul Bora orders fair compensation to flood affected farmers within stipulated time frame) ।

তদুপৰি বানপানীৰ প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমূহীয়া নাৰ্ছাৰীৰ সম্প্ৰসাৰণ আৰু সময়মতে কৃষকসকলক বীজ বিতৰণ কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । বৈঠকত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (Pradhan Mantri Fasal Bima Yojana), পিএম-কিষাণ, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (Rural infrastructure Development Fund) , ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (National Agriculture Development Programme) , NMEO-OP, SMAM, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা, HMNEH, প্ৰধানমন্ত্ৰী কৃষি সিচাই যোজনা, Natural Farming আদি বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী বৰাই ।

চলিত বিভিন্ন কৃষি প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে তৃণমূল পৰ্যায়ত গৈ পৰিদৰ্শন কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । যাতে চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ সুবিধা লাভৰ পৰা কোনো এগৰাকী কৃষকেই বঞ্চিত হ'বলগীয়া নহয় (Government to provide aid to affected farmers) । বৈঠকত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ড৹ আশিস ভূটানী, আয়ুক্ত-সচিব ডাঃ ওম প্ৰকাশ, সঞ্চালক অনন্তলাল জ্ঞানী, অসম বীজ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক বিদ্যুৎ বিকাশ ভাগৱতী, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

আনহাতে জনতা ভৱনত কৃষি মন্ত্ৰীগৰাকীয়ে আন এক বৈঠকত মিলিত হয় । উল্লেখ্য যে, নাজিৰাত স্থাপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্ৰকল্পটোৱে দক্ষিণ-পূব এছিয়াৰ গাহৰি মাংসৰ বজাৰখনত আধিপত্য বিস্তাৰ কৰি বিদেশী মুদ্ৰা অৰ্জনৰ লগতে বহু নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ পথ প্ৰশস্তৰ দিশে আগবাঢ়িছে ।

সংসাধনৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা উদ্যোগটো শীঘ্ৰেই কাৰ্যক্ষম কৰিবৰ বাবে ল'বলগীয়া বিভাগীয় ব্যৱস্থাৱলী তথা উদ্যোগটোৰ আনুষংগিক দিশসমূহ আলোচনাৰ কৰাৰ বাবে মন্ত্ৰীগৰাকী পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় ।

লগতে পঢ়ক: Presidential candidate Draupadi Murmu: দ্ৰৌপদী মুৰ্মুৰ সৈতে অসমত সাত দিন কটাছিল ৰুক্মিণীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.