ETV Bharat / city

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাই তুলসীবাৰী আৰক্ষী চকীত স্মাৰক পত্ৰ প্ৰদান কৰিলে বৈদ‍গড় আঞ্চলিক ছাত্ৰ সন্থাই । ড্ৰাগছ ক্ৰয় কৰাৰ বাবেই ৰঙিয়াত চুৰি, ডকাইতিৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ
author img

By

Published : May 29, 2021, 6:19 AM IST

কামৰূপ, 28 মে' : ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাই তুলসীবাৰী আৰক্ষী চকীত স্মাৰক পত্ৰ প্ৰদান কৰিলে বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৈদ্যগড় অঞ্চলতো দিনে দিনে বৃদ্ধি পাই আহিছে ড্ৰাগছ, সুৰা আদি নিচাজাতীয় সামগ্ৰীৰ প্ৰকোপ ।

এইসমূহ দ্ৰব্যৰ বাবে যুৱ প্ৰজন্মৰ এচাম এতিয়া ধ্বংসৰ গৰাহলৈ আগবাঢ়িছে যাৰ পৰিপ্ৰেক্ষিতত যুৱ প্ৰজন্মৰ এচাম লোক এতিয়া সমাজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে । নিচাযুক্ত যুক্ত দ্ৰব্য ক্ৰয় কৰাৰ বাবে চুৰি, ডকাইতিৰ দৰে জঘন্য কাৰ্যত লিপ্ত হোৱা দেখা গৈছে একাংশ যুৱচামক ।

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ

বিগত কেইটামানদিনত ৰঙিয়াত কেবাটাও এনে ঘটনা ঘটিছে বুলি জানিব পৰা গৈছে ৷ বিষয়টো বিস্তাৰিতভাৱে অৱগত কৰাই বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে তুলসীবাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াক বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।

স্মাৰকপত্ৰ প্ৰদানৰ সময়ত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু ৰাজবংশী, সাধাৰণ সম্পাদক নৱজিৎ কলিতাৰ লগতে আন কেইবাগৰাকীও সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক : ভৰত নৰহৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আটাছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.