গুৱাহাটী , 7 জুনঃ মহানগৰীৰ বুঢ়া মজজিদত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰণীয় পদক্ষেপ ৷ ধৰ্ম নিৰপেক্ষতাৰ এক নিৰ্দশন দাঙি ধৰি আৰএছএছ কৰ্মীসকলে ছেনিটাইজ কৰিলে মছজিদ চৌহদ ৷ বুঢ়া মছজিদৰ লগতে কৰ্মীসকলে চেনিটাইজ কৰে কেইবাটাও ধৰ্মীয় অনুষ্ঠান ৷ উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি অহা ৮ জুনৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব সকলো ধৰ্মীয় অনুষ্ঠান ৷ যদিও বা সকলো ধৰণৰ ধৰ্মীয় অনুস্থান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰেহে ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰিব পাৰিব দৰ্শনাৰ্থী সকলে ৷ ধৰ্মীয় অনুষ্ঠান সমূহ মুকলি কৰি দিয়াৰ পূৰ্বে দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটীৰ সদস্য সকলে গ্ৰহণ কৰে এই পদক্ষেপ ৷
গুৱাহাটী বামুনী মৈদাম শাখাৰ স্বয়ংসেৱক অনুপজ্যোতি হাজৰিকাই মন্তব্য কৰে যে, স্বয়ংসেৱক সংঘৰ উদ্যোগত মহানগৰীত থকা সমূহ মন্দিৰ , মছজিদ আৰু গুৰুদ্বাৰত প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ আনহাতে দুষ্ট চক্ৰই দেশ তথা ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাৰ সময়তে হিন্দুত্ববাদী সংগঠনটোৰ গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে বুঢ়া মজজিদ কমিটিৰ বিষয়ববীয়া সকলে ৷
লগতে পঢ়কঃ ছটা বিষয়ত লেটাৰ লৈ দলগাঁৱত উজলিল সুজেন আহমেদ