ETV Bharat / city

মুক্ত আকাশৰ তললৈ আহিব মানস কোঁৱৰ - নিয়া আদালতত জামিন লাভ মানস কোঁৱৰৰ

মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে ছাত্ৰ নেতা মানস কোঁৱৰৰ । নিয়া আদালতত জামিন লাভ মানস কোঁৱৰৰ ।

Manash Konwar bail granted by NIA
Manash Konwar bail granted by NIA
author img

By

Published : Jul 13, 2020, 3:10 PM IST

গুৱাহাটী, 13 জুলাই: ‘কা’ বিৰোধী আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা অন্যতম ছাত্ৰ নেতা মানস কোঁৱৰ যোৱা জানুৱাৰী মাহৰ পৰা হৈ আছে কাৰাবন্ধী । ৰাজ্যত ‘কা’ বিৰোধী আন্দোলনত কৃষক নেতা অখিল গগৈৰ লগতে সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ নেতা নেতা মানস কোঁৱৰ অৱশেষত জামিন লাভ কৰিলে ।

নিয়া আদালতত জামিন লাভ মানস কোঁৱৰৰ

সোমবাৰে নিয়া আদালতে জামিন মঞ্জুৰ কৰে ছাত্ৰ নেতা মানস কোঁৱৰৰ । চান্দমাৰী থানাৰ 13/2019 গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল মানস কোঁৱৰক । পৰৱৰ্তী সময়ত এই গোচৰটো নিয়াৰ হাতলৈ অৰ্পণ কৰা হৈছিল । যোৱা 20 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল মানস কোঁৱৰক । ইতিমধ্যে ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে থকা সকলো গোচৰত জামিন লাভ কৰাত নেতাগৰাকী মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে ।

‘কা’ বিৰোধী আন্দোলনৰ নেতা মানস কোঁৱৰৰ লগতে চান্দমাৰী থানাৰ 13/2019 গোচৰত ছাত্ৰ নেতা বিতু সোণোৱাল,ধৈৰ্য কোঁৱৰ আৰু কৃষক নেতা অখিল গগৈও অভিযুক্ত হৈ কাৰাবন্দী হৈ আছে । বিতু সোণোৱাল,ধৈৰ্য কোঁৱৰ উক্ত গোচৰৰ শুনানি মঙলবাৰে হোৱাৰ পৰিৱৰ্তে অখিল গগৈৰ শুনানি হ'ব অহা ১৬ জুলাইত ।

লগতে চাওক-বৰপেটা জিলা উপায়ুক্তৰ বাসভৱনৰ দুই নিৰাপত্তাৰক্ষীৰ দেহত ক'ভিড-১৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.