গুৱাহাটী, 15 নৱেম্বৰঃ ৰামাঞ্জলিৰ স্মৃতিৰ সাঁচিপাতত আজিও বিদ্যামান মামণি ৰয়ছম গোস্বামী ৷ অন্যান্য ব্যক্তিত্বৰ এইগৰাকী মহীয়সীক তেখেতৰ ওপজা দিনটোত সোঁৱৰি ৰাজ্যজুৰি আয়োজন বিভিন্ন অনুষ্ঠানৰ ৷ মামণি ৰয়ছম গোস্বামীৰ জীৱন কালত ছাঁৰ দৰে থকা সুখ দুখৰ সমভাগী তেওঁৰ ভতিজা মৃন্ময়ী গোস্বামীয়ে ক’লে বহু কথা । জীৱনৰ মধুৰতম সময়ৰ পৰা আৰম্ভ কৰি জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত থকা মৃন্ময়ী গোস্বামীয়ে মামণি বাইদেউক নিজৰ মাতৃ জ্ঞান কৰাৰ কথা সোঁৱৰি ৰসগোল্লা খাই ভাল পোৱা তথা তেওঁৰ বহু সৰু-সৰু স্মৃতি ৰোমন্থন কৰে ৷
ইফালে, বৃহস্পতিবাৰে গুৱাহাটীৰ গান্ধীবস্তিৰ দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰত উদযাপন কৰা হয় জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ 77 সংখ্যক জন্মদিৱস ৷ বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁই , উপেন্দ্ৰ নাথ শৰ্মা , স্বপনীল বৰুৱাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হয় "মেগনলীয়া" শীৰ্ষক এখনি গ্ৰন্থ ৷ উল্লেখ্য যে, উন্মোচিত গ্ৰন্থখনিত প্ৰকাশ পাইছে মামণি ৰয়ছম গোস্বামীৰ বহুকেইটা অপ্ৰকাশিত গল্প ৷ পৰিয়ালৰ লোকৰ প্রচেষ্টাত গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ আৰু পূৰ্বায়ন পৰিষদে ৷
আনহাতে, মানুহৰ বাবে কাম কৰি যোৱা মামণি ৰয়ছম গোস্বামীয়ে জীৱন কালত সদায়ে দুখীয়া ৰাইজৰ কাষত আছিল ৷ বহু আপুৰুগীয়া সাহিত্যৰ সৃষ্টি কৰি যোৱা সাহিত্যিকগৰাকীক বৰ্তমান ৰাইজ আৰু চৰকাৰে কিছু পৰিমাণে পাহৰি পেলাইছে বুলি ক্ষোভ প্ৰকাশ কৰে মামণি ৰয়ছম গোস্বামীৰ ভগ্নীয়ে ৷
আৰু পঢ়কঃ ৰাজ্যজুৰি উদযাপিত হ'ল শিশু দিৱস