ETV Bharat / city

ৰে'ল খণ্ডক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে মালিগাঁৱত প্ৰতিবাদ

author img

By

Published : Jun 10, 2020, 5:49 PM IST

মালিগাঁৱত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ প্ৰতিবাদ । দেশৰ ৰে'ল খণ্ডক নিগমীকৰণ আৰু ব্যক্তিগতকৰণৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

Maligaon_Rail_Protest
ৰে'ল খণ্ডক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে মালিগাঁৱত প্ৰতিবাদ

গুৱাহাটী, ১০ জুন: 'Save Rail Save India' শ্ল'গানেৰে দেশজুৰি ৰে'লৱে শ্ৰমিকৰ প্ৰতিবাদ । ৰে'ল খণ্ডক নিগমীকৰণ আৰু ব্যক্তিগতকৰণ কৰিবৰ বাবে কৰা কেন্দ্ৰই কৰা চক্ৰান্তৰ বিৰুদ্ধে বুধবাৰে ৰাষ্ট্ৰজোৰা বিক্ষোভ প্ৰদৰ্শন কৰিলে দেশৰ ৰে'ল বিভাগৰ কৰ্মচাৰী তথা শ্ৰমিকসকলে । মহানগৰীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় চৌহদতো পূৰ্বোত্তৰ ৰে'লৱে কৰ্মচাৰী সংঘৰ একাংশ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

Maligaon_rail_protest

মহামাৰী ক'ৰণাৰ ফলত দেশবাসী আতংকিত হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰে'ল খণ্ডক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্তত নামি পৰিছে। চৰকাৰৰ এনে সিন্ধান্তই ৰে'লৱেৰ হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱনলৈ নমাই আনিব অন্ধকাৰ। যাৰ বাবে এই সিন্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে ৰে'লৱে কৰ্মচাৰী সংঘই। কোনো কাৰণতে ৰে'ল খণ্ডক ব্যক্তিগতকৰণ হ'বলৈ নিদিয়াৰ হুংকাৰ সংগঠনটোৰ । বুধবাৰৰ এই বিক্ষোভ কাৰ্যসূচীৰ অন্তত প্ৰতিবাদী সংগঠনটোৱে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

উল্লেখ্য যে বুধবাৰে 'Save Rail Save India' শ্ল'গানেৰে সমগ্ৰ দেশজুৰি এই বিক্ষোভ কাৰ্যসূচী সাব্যস্ত কৰিছে ৰে'ল বিভাগৰ শ্ৰমিকসকলে । এই প্ৰতিবাদে কিদৰে কেন্দ্ৰীয় চৰকাৰ অথবা ৰেল মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়কঃ বাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ‍্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.