ETV Bharat / city

মহাত্মা গান্ধী আৰু মহম্মদ তৈবুল্লাৰ সম্পৰ্ক

author img

By

Published : Sep 16, 2019, 12:17 PM IST

গান্ধীজীয়ে আৰম্ভ কৰা স্বাধীনতা আন্দোলনত অসমৰ দায়িত্ব লৈছিল মহম্মদ তৈবুল্লাই । যাৰ বাবে চিঠিযোগে অসমৰ খবৰ লোৱাৰ লগতে তৈবুল্লাৰ খা খবৰো লৈছিল বাপুৱে।

মহাত্মা গান্ধী আৰু মহম্মদ তৈবুল্লাৰ সম্পৰ্ক

গুৱাহাটী, 16 চেপ্তেম্বৰঃ গান্ধীজীৰ লগত তৈবুল্লাৰ সম্পৰ্কৰ লগতে বিভিন্ন দিশ সমূহ সামৰি মহম্মদ তৈবুল্লাই গ্ৰন্থ আকাৰত লিখি থৈ গৈছে। স্বাধীনতা আন্দোলনত ভাগ লৈ কাৰাবন্দী হৈ থকা অৱস্থাত মহম্মদ তৈবুল্লাই লিখিছিল গ্ৰন্থখনৱ ৷ এই গ্ৰন্থখনৰ নাম দিয়া হৈছিল 'কাৰাগাৰৰ চিঠি'। বাপুৱে দিয়া চিঠিখন আজিও তৈবুল্লাৰ পৰিয়ালে সযতনে ৰাখি থৈছে। এই সমূহ মধুৰ স্মৃতি আজিও সোঁৱৰে পৰিয়ালটোৱে।

Intro:Gfx-1) মহাত্মা গান্ধী আৰু অসমৰ মহম্মদ তৈবুল্লা সম্পৰ্ক।
2) গান্ধীৰ আদৰ্শৰে অসমত কংগ্ৰেছক আগবঢ়াই নিছিল তৈবুল্লাই।
3) সঘনাই চিঠিযোগে খবৰ লৈছিল বাপুৱে।

V/O- 1) বাপু আৰু মহম্মদ তৈবুল্লা সম্পৰ্ক আছিল এক এৰাব নোৱাৰা সম্পৰ্ক। গোপীনাথ বৰদলৈ, তৰুণ ৰাম ফুকনৰ লগতে তৈবুল্লা অতিকৈ ঘনিষ্ঠ আছিল গান্ধীজীৰ। গান্ধীজীয়ে আৰম্ভ কৰা আন্দোলনৰ অসমৰ দায়িত্ব লৈছিল মহম্মদ তৈবুল্লাই। যাৰ বাবে চিঠিযোগে অসমৰ খবৰ লোৱাৰ লগতে তৈবুল্লাৰ খা খবৰ লৈছিল বাপুৱে।
Byte- ইটেবা কুদ্দুচ (জীয়ৰী, মহম্মদ তৈবুল্লা)

Body:V/O- 2) চন ১৯৪৬ৰ কথা। সেই সময়ত এক বিশেষ সভাৰ বাবে বাপুৱে দিল্লীৰ আমন্ত্ৰণ জনাইছিল মহম্মদ তৈবুল্লাক। কিন্তু সেই সময়ত তৈবুল্লা চাহাবৰ পত্নীৰ মৃত্যু হোৱা বাবে উপস্থিত থাকিব নোৱাৰিলে। পিছত এই কথা গান্ধীজীয়ে জানিবলৈ পাই তৈবুল্লালৈ নিজ হাতে লিখা এখন চিঠি প্ৰেৰণ কৰে। চিঠিযোগে পত্নীৰ বিয়োগত দুখ নকৰিবলৈ তৈবুল্লা চাহাবক কয় বাপুৱে।
Byte- ইটেবা কুদ্দুচ (জীয়ৰী, মহম্মদ তৈবুল্লা)

Conclusion:End V/O- এই সকলো কথা মহম্মদ তৈবুল্লাই এখন গ্ৰন্থ আকাৰত লিখি থৈ গৈছে। আন্দোলনৰ সেই সময়ত কাৰাবন্দী হৈ থকা অৱস্থাত মহম্মদ তৈবুল্লাই লিখিছিল গ্ৰন্থখন। এই গ্ৰন্থখনৰ নাম দিয়া হৈছিল 'কাৰাগাৰৰ চিঠি'। এই গ্ৰন্থখনতে মহাত্মা গান্ধী আৰু তৈবুল্লাৰ সম্পৰ্কৰ কথা সন্নিবিষ্ট হৈ আছিল। ইফালে বাপুৱে দিয়া চিঠিখন আজিও তৈবুল্লাৰ পৰিয়ালে সজতনে ৰাখি থৈছে। এই সমূহ মধুৰ স্মৃতি আজিও শুৱৰে পৰিয়ালটোৱে।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.