ETV Bharat / sports

ভাৰতীয় বলাৰৰ আক্ৰমণত তিষ্ঠিব নোৱাৰিলে বাংলাদেশৰ খেলুৱৈয়ে; 308 ৰাণত ভাৰতৰ অগ্ৰগতি - IND VS BAN 1ST TEST DAY 2

IND vs BAN 1st Test Day 2 Report: চেন্নাইত চলি থকা ভাৰত-বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্ট মেচৰ দ্বিতীয় দিনটো সম্পূৰ্ণৰূপে আছিল ভাৰতৰ দখলত ৷ ভাৰতৰ দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে এই টেষ্টতে গঢ়ে এক বৃহৎ অভিলেখ ৷

IND VS BAN 1ST TEST DAY 2
ভাৰত বনাম বাংলাদেশ (IANS PHOTOS)
author img

By ETV Bharat Sports Team

Published : Sep 20, 2024, 6:59 PM IST

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: চেন্নাই টেষ্টৰ দ্বিতীয় দিনটোত সম্পূৰ্ণৰূপে খেলপথাৰত আধিপত্য বিস্তাৰ কৰে ভাৰতীয় দলটোৱে ৷ ভাৰতীয় বেটছমেন ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই দ্বিতীয় দিনাৰ আৰম্ভণিৰে মাত্ৰ 37 ৰাণ দলত সংযোজিত কৰি দলটোক এক সুস্থিৰ অৱস্থাত উপনীত কৰোৱায় ৷ প্ৰথম দিনা 339 ৰাণ সংগ্ৰহ কৰা টীম ইণ্ডিয়াই দ্বিতীয় দিনা আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মুঠ 376 ৰাণ ।

প্ৰত্যুত্তৰত বাংলাদেশে মাত্ৰ 149 ৰাণ সংগ্ৰহ কৰিয়েই হেৰুৱাই আটাইকেইটা উইকেট ৷ যাৰ বাবে ভাৰতে লাভ কৰে 227 ৰাণৰ অগ্ৰগতি ৷ দ্বিতীয় দিনৰ তৃতীয় ছেচনত ভাৰতীয় দলটোৱে দ্বিতীয় ইনিংছৰ বাবে বেটিং কৰিবলৈ আহে যদিও দিনান্তলৈকে হেৰুৱাই 3 টা উইকেট ৷ দ্বিতীয় দিনৰ খেলৰ শেষত ভাৰতে 23 অভাৰত 3 টা উইকেট হেৰুৱাই 81 ৰাণ সংগ্ৰহ কৰে ।

ভাৰতৰ নামত দ্বিতীয় দিনৰ প্ৰথম ছেচন

দ্বিতীয় দিনটোৰ আৰম্ভণি কৰে ৰবিচন্দ্ৰন অশ্বিন(102) আৰু ৰবীন্দ্ৰ জাদেজাই(86) । ভাৰতৰ ইনিংছত মাত্ৰ 4 ৰাণ সংযোজিত হোৱাৰ পিছতে 86 ৰাণত বেটিং কৰি জাদেজা টাস্কিন আহমেদৰ বলত লিটন দাসৰ হাতত ধৰাশায়ী হয় ৷ জাদেজাই দ্বিতীয় দিনটোত এক ৰাণো সংগ্ৰহ কৰিব নোৱাৰিলে ।

90.5 অভাৰত ভাৰতে 374/9 ত উপনীত হয় । অশ্বিনে 113 ৰাণ, আকাশদ্বীপে 17 ৰাণ আৰু বুমৰাহে 7 ৰাণ কৰি হেৰুৱাই উইকেট ৷ ভাৰতে প্ৰথম ইনিংছত 91.2 অভাৰত সংগ্ৰহ কৰে 376 ৰাণ ।

বাংলাদেশে প্ৰথম ইনিংছত বেটিং কৰিবলৈ আহি দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈকে 9.0 অভাৰত 3 টা উইকেট হেৰুৱাই 26 ৰাণ সংগ্ৰহ কৰে । 2 ৰাণত শদমান ইছলামৰ উইকেট যশপ্ৰীত বুমৰাহে আৰু 3 ৰাণত আকাশদ্বীপে জাকিৰ হাছানৰ উইকেট দখল কৰে ৷ আনহাতে, মমিনুল হকক শূন্য ৰাণতে পেভিলিয়নলৈ পঠিয়াই দিয়ে আকাশদ্বীপে ।

ভাৰতৰ দখলত দ্বিতীয় দিনৰ দ্বিতীয় ছেচন

দুপৰীয়াৰ আহাৰৰ পিছত নাজমুল হোছেইন শান্তো 15 আৰু মুশফিকুৰ ৰহিমে 4 ৰাণত বাংলাদেশৰ হৈ খেল আৰম্ভ কৰে ৷ কিন্তু ভাৰতীয় বলাৰে 22 অভাৰত 76 ৰাণ সংগ্ৰহ হোৱাৰ পিছতে দখল কৰে শান্তো(20) আৰু মুশফিকুৰৰ(8) উইকেট ৷ চাহ বিৰতিলৈকে ভাৰতে দখল কৰে 5 টাকৈ উইকেট ৷

ইয়াৰ পিছত চাকিব আল হাছান(32) আৰু লিটন দাসে(20) দলটোৰ বেটিঙৰ দায়িত্ব লয় ৷ কিন্তু দ্বিতীয় ছেচনৰ শেষলৈ ভাৰতে 36.5 অভাৰত 112 ৰাণত 8 টা উইকেট দখল কৰে । জাদেজাই ভাৰতৰ হৈ দুটা উইকেট দখল কৰে ।

তৃতীয় ছেচনত বিপৰ্যয়ৰ সন্মুখীন ভাৰত

বাংলাদেশে 112/8 উইকেটৰ অগ্ৰগতিৰে তৃতীয় ছেচনৰ আৰম্ভণি কৰে যদিও দলটোৰ হৈ 27 ৰাণৰ অৰিহণা যোগাই মেহদী হাছান মিৰাজে । ভাৰতে 47.1 অভাৰত প্ৰথম ইনিংছত 149 ৰাণ সংগ্ৰহ কৰাৰ পাছত দখল কৰে বাংলাদেশৰ আটাইকেইটা উইকেট ৷

বাংলাদেশৰ হৈ ছাকিব আল হাছানে সৰ্বাধিক 32 ৰাণ সংগ্ৰহ কৰে ৷ এই ছেচনত বুমৰাহ আৰু চিৰাজে এটাকৈ উইকেট দখল কৰে । ইয়াৰ লগে লগে ভাৰতে প্ৰথমখন টেষ্টত 227 ৰাণৰ অগ্ৰগতি লাভ কৰে ।

ভাৰতৰ দ্বিতীয় ইনিংছ (50/2)

ভাৰতে বাংলাদেশক ফ’ল’ অন নিদি দ্বিতীয় ইনিংছ আৰম্ভ কৰে । যশস্বী জয়ছোৱালৰ সৈতে ইনিংছ আৰম্ভ কৰিবলৈ আহিছিল ৰোহিত শৰ্মা । দুয়োজনে দ্বিতীয় ইনিংছত বিশেষ একো কৰিব নোৱাৰিলে । 5 ৰাণৰ ব্যক্তিগত স্ক’ৰত টাস্কিন আহমেদৰ বলত জাকিৰ হাছানে ৰোহিত শৰ্মাক কেচ আউট কৰে । ইয়াৰ পিছতে প্ৰথম ইনিংছত অৰ্ধশতক অৰ্জন কৰা নাহিদ ৰাণাই লিটন দাসৰ হাতত 10 ৰাণৰ ব্যক্তিগত স্ক’ৰেৰে যশস্বী জয়ছোৱালক আউট কৰে ।

বিৰাট কোহলিয়ো 17 ৰাণ সংগ্ৰহ কৰি মেহদী হাছান মিৰাজৰ বলত ধৰাশায়ী হয় । দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতৰ হৈ ক্ৰীজত বৰ্তি আছে শুভমন গিল (33) আৰু ঋষভ পন্ত (12) । ভাৰতে দিনান্তত সংগ্ৰহ কৰে 23 অভাৰত 81/3 ৰাণ ৷

লগতে পঢ়ক: চেন্নাই টেষ্টত অভিলেখৰ ঢৌ: 400 উইকেট সম্পূৰ্ণ যশপ্ৰীত বুমৰাহৰ - IND VS BAN 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.