ETV Bharat / city

ক'ভিডত আক্ৰান্ত সাংসদ কুইন ওজা

author img

By

Published : Jan 6, 2022, 8:30 PM IST

ক’ভিড-19ত আক্ৰান্ত হ’ল সাংসদ কুইন ওজা (MP Queen Ojha tested COVID-19 Positive) ৷ জ্বৰ আৰু কাহত ভুগি থকা সাংসদগৰাকীক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷

MP Queen Ojha
ক'ভিডত আক্ৰান্ত সাংসদ কুইন ওজা

গুৱাহাটী, ৬ জানুৱাৰী : ক'ভিডত আক্ৰান্ত হৈছে বিজেপি নেত্ৰী তথা গুৱাহাটীৰ সাংসদ কুইন ওজা (MP Queen Ojha tested COVID Positive) । জ্বৰ আৰু কাহত ভুগি থকা সাংসদগৰাকীক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । যোৱা এটা সপ্তাহত বিজেপি সাংসদগৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক'ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে । সাংসদগৰাকীৰ জীনম পৰীক্ষাৰো ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।

উল্লেখ্য যে, যে হঠাতে দেশৰ বিভিন্ন প্ৰান্তত ক'ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে । অসমো ইয়াৰ কবলত পৰিছে । এই সম্পৰ্কত বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই দিছপুৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই বিষয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকৰ পূৰ্বেই অসমত লক ডাউন নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷

লগতে পঢ়ক: নীতি-নিয়ম কঠোৰ হ’ব পাৰে; কিন্তু ৰাজ্যত নহয় লক ডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.