ETV Bharat / city

Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ - উত্তম যুদ্ধ সেৱা পদক

অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই সন্মান জনালে সেনা বিষয়া গৰাকীক ৷

lieutenant-general-rana-pratap-kalita-awarded-with-uttam-yudh-seva-medal
Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ
author img

By

Published : Nov 22, 2021, 10:46 PM IST

নিউজ ডেস্ক, 22 নবেম্বৰ : ভাৰতীয় সেনাৰ ৩ টা কৰ্পৰ general officer commanding (GOC) অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক(Uttam Yudh Seva Medal ) প্ৰদান কৰা হৈছে । এটা ভিডিঅ' বাৰ্তা যোগে কলিতাই তেওঁৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলে তেওঁক দিয়া নৈতিকতাৰ জ্ঞানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইয়াৰ লগতে ৰাণা প্ৰতাপ কলিতাই অসমৰ জনসাধাৰণে তেওঁক দিয়া মৰম আৰু সমৰ্থনৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰাণা প্ৰতাপ কলিতাক তেওঁৰ সেৱাৰ বাবে 'সেনা পদক(Sena Medal)' আৰু বিশিষ্ট সেৱা পদকে(Vishisht Seva Medal)ৰে দুবাৰকৈ সন্মানিত কৰা হৈছিল । বিশেষভাৱে উল্লেখ কৰা প্ৰয়োজনীয় যে, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সশস্ত্ৰ বাহিনীৰ কৰ্মী আৰু অন্যান্য সকলক ৪৫৫ টা বীৰত্ব আৰু অন্যান্য প্ৰতিৰক্ষা সজ্জাৰ বঁটাৰে সন্মানিত কৰিছে ৷

লগতে পঢ়ক : ফান্দত পৰিল মাছৰ গাড়ীৰ পৰা ধন দাবী কৰা জিলা আছুৰ শিক্ষা সম্পাদক সহ এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.