ETV Bharat / city

Mission one lakh: আইনী জটিলতা বাধা হ'ব পাৰে চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত

author img

By

Published : Mar 8, 2022, 4:26 PM IST

চৰকাৰৰ প্রথম বর্ষপূর্তিৰ পূর্বে ১ লাখ নিবনুৱাক গণি গণি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্রীৰ (one lakh appointments by Assam government)। বছৰ বছৰ ধৰি ন্যায়ালয়ৰ পাকচক্ৰত বিভিন্ন পৰীক্ষা ওলমি থকাৰ পাছতাে সকলাে চৰকাৰী বিভাগৰ তৃতীয়-চতুর্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা আয়ােগৰ অধীনত একেলগে অনুষ্ঠিত কৰিবলৈ লােৱাৰ আঁৰত চৰকাৰৰ সদিচ্ছাক লৈ প্রশ্ন উত্থাপন হৈছে । চাকৰিৰ নামত চৰকাৰে নিবনুৱাক প্ৰৱঞ্চনা কৰাৰ কৌশল ৰচনা কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ।

legal-complications-in-providing-one-lakh-appointments-by-assam-government
আইনী জটিলতা বাধা হ'ব পাৰে চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যত

গুৱাহাটী, ৮ মার্চ: ৰাজ্যৰ এক লাখ নিবনুৱাক গণি গণি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ সময়সীমা সমাগত (one lakh appointments by Assam government) । কাৰণ ১০ মে'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ এবছৰ হ'ব । প্রথম বর্ষপূর্তিৰ পূর্বে ১ লাখ নিবনুৱাক গণি গণি নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্রীয়ে প্ৰতিশ্ৰুতি দি থৈছে(Mission one lakh) । অৱশ্যে এই প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰখনে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ।

ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় আৰু চতুর্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত অসম লোক সেৱা আয়োগৰ আৰ্হিত প্রত্যক্ষ নিয়ােগ (Direct appointment on the pattern of APSC) আয়ােগ গঠন কৰা হৈছে। ইফালে মুখ্যমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ কৰি ২ মাৰ্চৰ পৰা আবেদন প-পত্র সংগ্রহ কৰিবলৈ নির্দেশ দিছিল যদিও প্রত্যক্ষ নিযুক্তি আয়ােগে মুখ্যমন্ত্ৰীৰ নির্দেশমর্মে বিজ্ঞাপন প্রকাশ কৰি আবেদনপত্র সংগ্রহত ব্যর্থ হৈছে ।

অৱশ্যে আয়ােগে ইতিমধ্যে বিভিন্ন বিভাগৰ পৰা খালী পদৰ তথ্য সংগ্রহ কৰাৰ লগতে কম সময়ৰ ভিতৰতে নিযুক্তিৰ বিজ্ঞাপন প্রকাশ কৰিবলৈও সাজু হােৱা বুলিও দাবী কৰিছে। লক্ষণীয় বিষয়টো হৈছে শিক্ষা আৰু স্বাস্থ্য বিভাগৰ পদক বাদ দি ৰাজ্য চৰকাৰৰ আন বিভাগসমূহৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাছনি পৰীক্ষা একেলগে আয়ােগে অনুষ্ঠিত কৰিবলৈ সাজু হ'লেও এই পৰীক্ষাক লৈ আন এক সমস্যাৰ আশংকা কৰা হৈছে ।

ৰাজ্যৰ বিভিন্ন বিভাগৰ তৃতীয়-চতুর্থ বৰ্গৰ খালী পদৰ বাছনি পৰীক্ষা একেলগে অনুষ্ঠিত কৰিলে চৰকাৰৰ ব্যয় হ্রাস পােৱাৰ লগতে নিবনুৱা প্ৰাৰ্থীৰ কষ্ট লাঘৱ হ'লেও সময়মতে এই নিযুক্তি কিমান দূৰ সম্ভৱ হ'ব ইয়াক লৈ সন্দেহৰ অৱকাশ আছে। কিয়নাে আয়ােগে অনুষ্ঠিত কৰিবলগীয়া তৃতীয়-চতুর্থ বৰ্গৰ পদৰ এজনাে যদি আবেদনকাৰী প্রার্থীয়ে কোনাে কাৰণত বাছনি প্রক্রিয়াক প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হয়, তেনেহ'লে আইনী জটিলতাৰ বাবে সহজে যে এই নিযুক্তি সম্ভৱ নহ'ব সেয়া নিশ্চিত (Legal complications in providing one lakh appointments ) ।

এটা গােচৰৰ বাবেই সমগ্ৰ নিযুক্তি প্রক্রিয়া বছৰ বছৰ ধৰি ন্যায়ালয়ত ওলমি থকাৰ আশংকাও নুই কৰিব নােৱাৰি। এবাৰ ন্যায়ালয়ত গােচৰ ৰুজু হ'লে কম সময়ৰ ভিতৰত এনে গােচৰৰ চুড়ান্ত মীমাংসা হােৱাৰ কোনাে নজিৰ নাই। কিয়নাে বর্তমান অসম লােকসেৱা আয়ােগৰ লগতে বিভিন্ন বিভাগে স্বতন্ত্রভাৱে অনুষ্ঠিত কৰা ছটাকৈ বিভাগৰ শ শ পদৰ বাছনি পৰীক্ষা কমেও ২-৫ বছৰ ধৰি উচ্চ ন্যায়ালয়ত ওলমি ৰৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০১৭ চনৰ ২৫ মে’ত পলিটেকনিকৰ ১১৩টা সহকাৰী অধ্যাপক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল অসম লােকসেৱা আয়ােগে। কিন্তু এই নিযুক্তিক লৈ ঠিকাভিত্তিত কৰ্মৰত একাংশ শিক্ষকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০৮৯/২০২০ নম্বৰত গােচৰ ৰুজু কৰাত ন্যায়ালয়ৰ পাকচক্ৰত এই নিযুক্তি প্ৰক্ৰিয়া আজিলৈকে আগবঢ়া নাই। সেইদৰে এ পি এছ চিয়ে ২০১৮ চনৰ ১২ মার্চত সহকাৰী বন সংৰক্ষকৰ (এ চি এফ) ২৫টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল ।

কিন্তু ৰেঞ্জাৰ এছচিয়েশ্বনে সেৱাবিধিক লৈ এ চি এফ পদৰ বাছনি পৰীক্ষাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰম্ভ হােৱাত আজিও পৰীক্ষা সম্ভৱ নহ'ল। একেদৰে এ পি এছ চিয়ে ২০১৬ চনতে বিদ্যালয় পৰিদৰ্শকৰ একাধিক পদৰ বিজ্ঞাপন প্রকাশ কৰাৰ লগতে পৰীক্ষাও অনুষ্ঠিত কৰিছিল যদিও উচ্চ ন্যায়ালয়ত গােচৰ ৰুজু হােৱাত এই পৰীক্ষাৰাে ফলাফল সম্ভৱ হােৱা নাই। শেহতীয়াকৈ বিগত ২০২১ বৰ্ষত প্রাথমিক শিক্ষা বিভাগে ৯,৩৫৪টা স্থায়ী শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও ১০২জন ঠিকাভিত্তিক শিক্ষকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হােৱাত এই শিক্ষক নিযুক্তিও আদালতত ওলমি ৰৈছে ।

আনহাতে, অসম লোকসেৱা আয়ােগৰ ২০১৮ বৰ্ষৰ সংযুক্ত প্রতিযােগিতামূলক পৰীক্ষাৰাে কেইবাটাও পদ ন্যায়ালয়ত গােচৰ চলি থকাৰ বাবে নিযুক্তি সম্পূর্ণ হােৱা নাই। একেদৰে এ পি এছ চিৰ ২০২০ বৰ্ষৰ সংযুক্ত প্রতিযােগিতামূলক মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ে অনুমতি দিলে যদিও আদালতৰ অনুমতি অবিহনে চূড়ান্ত ফলাফল প্রকাশত নিষেধাজ্ঞা আৰােপ কৰিছে। আনহাতে পূর্বৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ কার্যকালত প্রাথমিক শিক্ষা বিভাগৰ তৃতীয় আৰু চতুর্থবৰ্গৰ শতাধিক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হােৱাৰ পাছত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশত এই পৰীক্ষা বাতিল কৰিছিল ।

কিন্তু কোনাে কাৰণ নােহােৱাকৈ পৰীক্ষা বাতিল কৰাত ইতিমধ্যে তদন্তৰ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে। বছৰ বছৰ ধৰি ন্যায়ালয়ৰ পাকচক্ৰত বিভিন্ন পৰীক্ষা ওলমি থকাৰ পাছতাে সকলাে চৰকাৰী বিভাগৰ তৃতীয়-চতুর্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা আয়ােগৰ অধীনত একেলগে অনুষ্ঠিত কৰিবলৈ লােৱাৰ আঁৰত চৰকাৰৰ সদিচ্ছাক লৈ প্রশ্ন উত্থাপন হৈছে। কিয়নাে এই নিযুক্তি প্রক্রিয়া ইচ্ছাকৃতভাৱে ন্যায়ালয়ৰ মেৰপেছলৈ ঠেলি চৰকাৰে এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ পৰা ৰাইজক আভুৱাভৰাৰ কৌশল ৰচনা কৰিছে নেকি বুলি প্রশ্ন উঠিছে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে চাকৰিৰ নামত চৰকাৰে নিবনুৱাক প্ৰৱঞ্চনা কৰাৰ কৌশল ৰচনা কৰিছে। এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে দ্বিতীয় বাৰৰ বাবে শাসনলৈ অহা বিজেপি চৰকাৰখনে কোন বিভাগত কোন শ্ৰেণীৰ কিমান পদ খালী হৈ আছে সেই কথা এতিয়‍লৈকে সদৰি কৰিব পৰা নাই। তেওঁ কয় যে বিৰোধীৰ সমলোচনা আৰু প্ৰতিবাদৰ ঢৌ দেখি চৰকাৰখনে এখন আয়োগ গঠন কৰি দিলে যদিও এই আয়োগখন ভালুকৰ সাঙিত পৰিণত হ'ব ।

ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ নহয় বাবেই বিগত দহ মাহত কোনটো বিভাগত কিমান খালী পদ আছে তাৰ ঘোষণা চৰকাৰে দিব পৰা নাই। কথা হ'ল যে চৰকাৰে এক লাখ চাকৰি নতুন পদ সৃষ্টি কৰি দিব নে খালী হৈ থকা পদ পূৰণ কৰি দিব। এই কথা স্পষ্ট নহয়। আনহাতে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্রত আগুৱাই যাওতে চৰকাৰী ঘোষণা আৰু নিয়োগ নীতিৰ মাজত বিয়াগোম আসোঁৱাহ ৰৈ যাব। যাৰ পৰিণাম স্বৰূপে যোগ্য বঞ্চিত প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাটো স্বাভাৱিক। যাৰ ফলত নিযুক্তিৰ প্ৰক্ৰিয়াটোতে বাধাৰ সৃষ্টি হ'ব আৰু চৰকাৰে দায় সাৰিব পাৰিব। প্ৰকৃততে এইটো এটা নিবনুৱাক প্ৰৱঞ্চনা কৰাৰ চৰকাৰৰ অঘোষিত কৌশল বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক : অসমত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ মাওবাদী নেতা কাঞ্চন দা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.