ETV Bharat / city

ডিব্ৰুগড়ত মাটিৰ দালালৰ লগত জড়িত লাট মণ্ডল আটক - Police arrested lat mandal at Dibrugarh

ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে ডিব্ৰুগড় চক্ৰ বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল বিভূতি ভূষণ কৰ্মকাৰক (Lat Mandal linked to land broker arrested in Dibrugarh) ৷ ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

dibrugarh-police-arrest-a-corrupt-lat-mandal
ডিব্ৰুগড়ত মাটি দালালৰ লগত জড়িত লাট মণ্ডল আটক
author img

By

Published : Jan 24, 2022, 11:14 AM IST

মৰাণ, 24 জানুৱাৰী : চৰকাৰৰ নিৰ্দেশত বিগত দিনকেইটাত আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই কেইবা শতাধিক মাটিৰ দালাল, দুৰ্নীতিগ্ৰস্ত মণ্ডলক আটক কৰাৰ পিছতো এতিয়াও গা লৰা নাই একাংশ লাট মণ্ডলৰ ৷ এইবাৰ ডিব্ৰুগড়ত চলিল দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ বিৰুদ্ধে অভিযান ৷ ডিব্ৰুগড় আৰক্ষীৰ হাতত আটক হ'ল এজন লাট মণ্ডল (Police arrested lat mandal at Dibrugarh) ৷ দেওবাৰে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে ডিব্ৰুগড় চক্ৰ বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল বিভূতি ভূষণ কৰ্মকাৰক (Dibrugarh Police arrest corrupt Lat Mandal) ৷

ডিব্ৰুগড়ত মাটি দালালৰ লগত জড়িত লাট মণ্ডল আটক

ঘটনা অনুসৰি, ভিন্ন দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত পঞ্জীভূত 25/22 নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ 409 ধাৰাত rw section 7 PC Act ৰ অধীনত দুৰ্নীতিত লিপ্ত কৰ্মচাৰীজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, কাৰ্যালয়টোৰ আৰু কোন কোন বিষয়া-কৰ্মচাৰী উৎকোচ সংগ্ৰহৰ সৈতে জড়িত আছে ৷ এই তদন্তত ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ একাংশ মণ্ডল-কৰ্মচাৰী মাটিৰ দালালি কাৰ্যত জড়িত থকাৰ অভিযোগআৰক্ষীৰ জালত আৰু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Akhil Gogoi on disputed land transfer: এয়া অসমৰ ভূমি, মুখ্যমন্ত্ৰীৰ ঘৰৰ নহয়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.