গুৱাহাটী, 29 জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ গুৱাহাটীত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ ইতিমধ্যে স্পৰ্শকাতৰ পাহাৰীয়া এলেকাৰ লোক সকলক নিৰাপদ স্থানলৈ অহাৰ বাবে জাননী দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।
চাৰিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ গুৱাহাটীত সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা । সোমবাৰে পাণ্ড - মালিগাঁৱতো সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলন । ইতিমধ্যে জিলা প্ৰশাসনে কেইবাটাও স্থান স্পৰ্শকাতৰ বুলি চিহ্নিত কৰিছে । তাৰোপৰি পাহাৰীয়া এলেকাৰ লোকসকলক জাননী দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ।
এই জাননী যোগে জিলা প্ৰশাসনে অতি স্পৰ্শকাতৰ বুলি চিহ্নিত কৰা এলেকাসমূহৰ ৰাইজক নিৰাপদ স্থানলৈ অহাৰ আহ্বান জনায় । এই কথা সোমবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । জিলা উপায়ুক্তগৰাকীয়ে কয় যে, প্ৰয়োজনত পাহাৰীয়া এলেকাৰ লোকসকলৰ বাবে আশ্ৰয় শিবিৰ প্ৰস্তুত কৰিব জিলা প্ৰশাসনে । আশ্ৰয় শিবিৰ প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যেই প্ৰশাসন সাজু হৈছে । লগতে কেৱল স্পৰ্শকাতৰ এলেকাৰ লোকসকলে নিজৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক সহায়- সহযোগ কৰিব লাগে বুলি আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ।
লগতে পঢ়ক- বিমলা বসুমতাৰী হত্যাকাণ্ডঃ স্বামীয়ে ঘাতকক দিছিল ৩০ হাজাৰ টকা