ETV Bharat / city

চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত - ভাৰতীয় ৰাজহুৱা স্বাস্থ্য বিধি

ৰাজ্যত বছৰত প্ৰায় 1000 গৰাকী নতুন চিকিৎসক নিয়োগ কৰাৰ পথ প্ৰশস্ত হোৱাৰ পিছতো প্ৰয়োজনীয় চিকিৎসকৰ পদবোৰ পূৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে ৷ আজিৰ তাৰিখলৈকে ৰাজ্য়ত 1382 টা পদেই খালী হৈ আছে । যাৰ ফলত সমস্যাত পৰিছে প্ৰত্যেকখন জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিষয়াসকল ৷

lack of doctors in many government hospitals in the state
চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত
author img

By

Published : Nov 9, 2021, 2:09 PM IST

গুৱাহাটী, 9 নৱেম্বৰ : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ন কৰিছে যদিও এতিয়াও বহু চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ হৈ আছে ৷ চৰকাৰী খণ্ডৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰসমূহত বৰ্তমানেও 5686 গৰাকী চিকিৎসকৰ প্ৰয়োজন ।

কাগজে-পত্ৰই সকলো চিকিৎসা কেন্দ্ৰত চিকিৎসক থকা বুলি ৰাজ্য চৰকাৰে দাবী কৰি আহিছে যদিও জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ বিষয়াই একোজন চিকিৎসকক এখনতকৈ অধিক চিকিৎসালয়ৰ দায়িত্বত নিয়োজিত কৰি কোনোমতে স্বাস্থ্য কেন্দ্ৰসমূহ পৰিচালনা কৰিছে । ফলত চিকিৎসক অবিহনে চলিব লগা হৈছে বহু স্বাস্থ্য কেন্দ্ৰ । কোনো কোনো স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱত সপ্তাহত মাত্ৰ দুই-তিনিদিনকৈ সেৱা আগবঢ়োৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।

lack of doctors in many government hospitals in the state
চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত

ৰাজ্যত বছৰত প্ৰায় 1000 গৰাকী নতুন চিকিৎসক নিয়োগ কৰাৰ পথ প্ৰশস্ত হোৱাৰ পিছতো প্ৰয়োজনীয় চিকিৎসকৰ পদবোৰ পূৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে ৷ তথ্য অনুসৰি, অসমৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত এই পর্যন্ত চৰকাৰে সৃষ্টি কৰা চিকিৎসা বিষয়াৰ পদৰ সংখ্যা হ'ল 4420 টা । অর্থাৎ 5686 টা পদৰ পৰিৰ্ৱতে 4420 টা পদহে এতিয়া চৰকাৰে সৃষ্টি কৰিছে ।

লক্ষণীয় বিষয় যে চৰকাৰে সৃষ্টি কৰা পদকেইটাটো এতিয়ালৈকে চিকিৎসক নিয়োগ কৰা নাই । আজিৰ তাৰিখলৈকে ৰাজ্য়ত 1382 টা পদেই খালী হৈ আছে । এইপর্যন্ত মাত্ৰ 3038 গৰাকী চিকিৎসককহে চৰকাৰী চিকিৎসালয়কেইখনত নিযুক্তি প্ৰদান কৰা হৈছে । 330 গৰাকী চিকিৎসক নতুনকৈ নিযুক্তিৰ বাবে বাছনি কৰাৰ বহু দিন হ'ল ৷ কিন্তু আজিলৈকে চৰকাৰে নিযুক্তি দিয়া নাই এইসকল চিকিৎসকক ৷ কি কাৰণত বাছনি কৰা 330 গৰাকী চিকিৎসকক এতিয়ালৈকে নিযুক্তি দিয়া নাই সেই সন্দৰ্ভত চৰকাৰ বা স্বাস্থ্য বিভাগে বৰ্তমানলৈকে কোনো কথা সদৰী কৰা নাই । যাৰ ফলত সমস্যাত পৰিছে প্ৰত্যেকখন জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিষয়াসকল ।

ইতিমধ্যে কোনো কোনো জিলাত দায়িত্বত থকা স্বাস্থ্য বিষয়াসকলে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহত চিকিৎসক মিলাব নোৱাৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে । নতুনকৈ উত্তীর্ণ হোৱা চিকিৎসকসকলে গ্ৰাম্য চিকিৎসালয়সমূহত দুবছৰ সেৱা আগবঢ়োৱাৰ পাছতো আজি পর্যন্ত তাৰ কোনো প্ৰভাৱ নপৰিল । অর্থাৎ আগৰ দৰেই চিকিৎসকৰ সংখ্যা হ্ৰাস হৈ থাকিল ।

চৰকাৰী চিকিৎসালয়সমূহত নিযুক্ত চিকিৎসকৰ দৰমহা চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন চিকিৎসালয়সমূহৰ চিকিৎসকৰ তুলনাত যথেষ্ট কম হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহত নিযুক্ত চিকিৎসকৰ তুলনাতো যথেষ্ট কম । যাৰ ফলত দুবছৰ গ্ৰাম্য অঞ্চলত সেৱা আগবঢ়োৱাৰ পাছত অধিকসংখ্যক চিকিৎসকে চৰকাৰী খণ্ড এৰি ব্যক্তিগতখণ্ডলৈ যায় ।

উল্লেখ্য যে ভাৰতীয় ৰাজহুৱা স্বাস্থ্য বিধি অনুসৰি বৰ্তমান অসমত 11,529 গৰাকী চিকিৎসকৰ প্ৰয়োজন । কিন্তু এই প্ৰয়োজনীয়তাৰ বিপৰীতে ৰাজ্য চৰকাৰে এতিয়ালৈকে খালী থকা পদসমূহ পূৰণ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে ৰাজ্যত নতুন চিকিৎসকৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতো চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ দিনে দিনে বৃদ্ধি পাই গৈ আছে ।

লগতে পঢ়ক : বিকশিত অসম ! ধুবুৰীৰ জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.