ETV Bharat / city

শ্বহীদ কুশল কোঁৱৰৰ ৭৯ সংখ্যক মৃত্যু বার্ষিকী উদযাপন - Kushal Konwar death anniversary observed at Guwahati

‘আজাদী কা অমৃত মহোৎসৱ' শীৰ্ষৰে উদযাপন কৰি থকা ভাৰতৰ স্বাধীনতাৰ ৭৫ বর্ষ উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি প্ৰাণ আহুতি দিয়া অসমৰ বীৰ শ্বহীদসকলৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ অনুদানৰ চেক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

শ্বহীদ কুশল কোঁৱৰৰ ৭৯ সংখ্যক মৃত্যু বার্ষিকী উদযাপন

author img

By

Published : Jun 15, 2022, 6:32 PM IST

গুৱাহাটী, 15 জুন: দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণাহুতি দিয়া অসমৰ বীৰ শ্বহীদ কুশল কোঁৱৰৰ ৭৯ সংখ্যক মৃত্যু দিৱস বুধবাৰে শ্বহীদ দিৱস ৰূপে পালন কৰা হয় (Kushal Konwar death anniversary observed at Guwahati) । অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু কামৰূপ মহানগৰ জিলাৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত ৰাজ্যিক ভিত্তিত মুক্তিযুঁজাৰু সন্মিলনৰ ৰূপনগৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় শ্বহীদ দিৱস ।

উল্লেখযোগ্য যে ‘আজাদী কা অমৃত মহোৎসৱ' শীৰ্ষৰে উদযাপন কৰি থকা ভাৰতৰ স্বাধীনতাৰ ৭৫ বর্ষ উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি প্ৰাণ আহুতি দিয়া অসমৰ বীৰ শ্বহীদসকলৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ অনুদানৰ চেক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ইয়াৰে ৯ গৰাকী শ্বহীদৰ উত্তৰাধিকাৰীয়ে ইতিমধ্যে ২০১৮ চনৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলীত অনুষ্ঠিত শ্বহীদ দিৱসত এই অনুদান লাভ কৰিছে । আজিৰ অনুষ্ঠানত বাকী থকা ১৯ গৰাকী শ্বহীদৰ উত্তৰাধিকাৰীসকলে এই অনুদান লাভ কৰে । অসম চৰকাৰৰ হৈ অনুদান প্ৰদান কৰি দিয়া ভাষণত মন্ত্ৰী অতুল বৰাই কয় যে বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত দেশৰ ভিতৰত অসমতে পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা আন্দোলনৰ শ্বহীদৰ পৰিয়ালক আৰ্থিক অনুদান দিয়াতো সম্ভৱ হৈছে (Minister Atul Bora attended at Kushal Konwar death anniversary) ।

শ্বহীদ কুশল কোঁৱৰৰ ৭৯ সংখ্যক মৃত্যু বার্ষিকী উদযাপন
শ্বহীদ কুশল কোঁৱৰৰ ৭৯ সংখ্যক মৃত্যু বার্ষিকী উদযাপন

শ্বহীদসকলৰ লগতে মুক্তিযুঁজাৰুসকলৰ প্ৰতি বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ যথেষ্ট সংবেদনশীল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা প্ৰতিগৰাকী বীৰ যোদ্ধাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । মৃত্যুকো আদৰিব জনা প্ৰকৃত সত্যাগ্ৰহী কুশল কোঁৱৰৰ স্মৃতি যুগমীয়া কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি অসম চৰকাৰেও মুক্তিযোদ্ধাসকলৰ বাবে পর্যায়ক্ৰমে গ্ৰহণ কৰি থকা ব্যৱস্থা সম্পর্কতো তেওঁ অৱলোকন কৰে ।

সভাত গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰৰ লগতে কেইবাগৰাকীও মুক্তি যোদ্ধা আৰু শ্বহীদৰ পৰিয়ালে ভাষণ দিয়ে । সভাত মুক্তিযুঁজাৰু সন্মিলনৰ তৰফৰ পৰা অসম স্বতন্ত্ৰতা সৈনিক ৰিলিফ বল ১৯৮৮ৰ সংশোধন, সৰুপথাৰ ৰে'লৱে ষ্টেচনটো শ্বহীদ কুশল কোঁৱৰৰ নামত উৎসৰ্গা কৰা, লীলাবাৰী বিমান বন্দৰ শ্বহীদ কনকলতা বৰুৱাৰ নামত উৎসৰ্গা কৰা, গোৱালপাৰা জিলাত নির্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খন শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামত উৎসৰ্গা কৰাকে ধৰি স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ বিনামূলীয়া বিজুলী যোগান, মুক্তিযুঁজাৰু আৰু অমৰ শ্বহীদসকলৰ পৰিয়ালসমূহলৈ সন্মান পেন্সন আগবঢ়োৱা, শ্বহীদৰ বাসগৃহ সংৰক্ষণ আদি কেইবাটাও দাবী উত্থাপন কৰা হয় ।

অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি কৃষ্ণকান্ত লহকৰৰ সভাপতিত্বত অনুষ্ঠিত আৰু সন্মিলনৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মাই আঁত ধৰা সভাত গৃহ বিভাগৰ যুটীয়া সচিব অনিমেষ তালুকদাৰ, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক ৰ’জী কলিতা, মুক্তিযুঁজাৰু ক্ৰমে ভোলানাথ নগৰীয়া, পূৰ্ণেশ্বৰ দুৱৰা, গকুল চন্দ্ৰ গগৈ, গোলাপী চেতিয়া আৰু মুহিৰাম বনীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইপিনে পুৱা নেহৰু পাৰ্কত থকা শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সৰ্বধর্মীয় প্ৰার্থনা অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: মন্ত্রী অশোক সিংঘালক মুখ্যমন্ত্রীয়ে জবাবদিহি কৰক: বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.