ETV Bharat / city

আজিৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সচেতনতামূলক কাৰ্যসূচী

author img

By

Published : Sep 1, 2020, 1:58 PM IST

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ কৰিছে এক জন সচেতনতামূলক কাৰ্যসূচী ৷ কাৰ্যসূচীৰ আৰম্ভণি কৰিলে মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা পাণ্ডে বৰুৱাৰ আৱক্ষ মূৰ্তিৰ সমীপৰ পৰা ৷

KMSS awareness program from Today
আজিৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সচেতনতামূলক কাৰ্যসূচী

গুৱাহাটী, ১ ছেপ্তেম্বৰঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ কৰিছে এক জন সচেতনতামূলক কাৰ্যসূচী ৷ কাৰ্যসূচীৰ আৰম্ভণি কৰিলে মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা পাণ্ডে বৰুৱাৰ আৱক্ষ মূৰ্তিৰ সমীপৰ পৰা ৷ সমাগত দিনত এই কাৰ্যসূচীৰ জড়িয়তে সমগ্ৰ ৰাজ্যৰ প্ৰায় ৫০ লাখ পৰিয়ালৰ কাষ চপাৰ সিদ্ধান্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

সোমবাৰৰ প্ৰচাৰ অভিযান কাৰ্যসূচীত অংশ লোৱা কৃষক মুক্তিৰ এগৰাকী জোষ্ঠ নেতা প্ৰাঞ্জল কলিতাৰ মন্তব্য- “NIAৰ একেটা গোচৰতে কৃষক মুক্তিৰ তিনিজনকৈ নেতাক ইতিমধ্যে আদালতে জামিন মঞ্জুৰ কৰিছে ৷ আৰু সম্প্ৰতি তেওঁলোক এতিয়া মুকলি আকাশৰ তলত ৷ কিন্তু চৰকাৰে আক্ৰোশমূলকভাৱে অখিল গগৈক আৱদ্ধ কৰি ৰাখিছে ৷ অখিল গগৈৰ অৱৰ্তমানত চৰকাৰখনে যি মন যায় তাকেই কৰি আছে ৷"

২০১৯ চনৰ ১২ ডিচেম্বৰত আটক হোৱা অখিল গগৈ প্ৰায় ৯ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে ৷ অখিল গগৈ জেলত থকাৰ সময়তে চৰকাৰে ইখনৰ পাছত সিখনকৈ টোলগেট স্থাপন কৰি অসমৰ ৰাইজক লুণ্ঠন চলোৱা আৰম্ভ কৰিছে ৷ অসমীয়া জাতিৰ এই নেতাজনক চৰকাৰে বিনা বিচাৰে বিজেপি আৰু আৰ এছ এছৰ চৰকাৰখনে পোতাশালত বন্দী কৰি ৰাখিছে ৷ এটা গোচৰত জামিন পালে তেওঁক আন এটা নতুন গোচৰ জাপি দি পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৷ এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ এনে অৱস্থাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমবাসী ৰাইজক অখিল গগৈৰ মুক্তিৰ বাবে মাত মাতিবলৈ অনুৰোধ জনাইছে ৷

আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত সকলো দল সংগঠন একত্ৰিত হৈ বিজেপি চৰকাৰক পৰাভূত কৰিবলৈও পত্ৰিকাযোগে প্ৰচাৰ চলালে সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়ক : বীৰ লাচিত সেনাৰ উদ্যোগত গঠন হ’ল নতুন ৰাজনৈতিক দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.