ETV Bharat / city

২৮ টা পদকেৰে খেল' ইণ্ডিয়াত পঞ্চম স্থান দখল কেৰালাৰ - কেৰেলা চৰকাৰ

খেল' ইণ্ডিয়াত বৰ্তমানলৈ মুঠ  ১৩ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ১২ টাকৈ ব্ৰঞ্জৰ পদকেৰে পঞ্চম স্থানত আছে কেৰালা ৷

খেল' ইণ্ডিয়াত পঞ্চম স্থান দখল কেৰেলাৰ
খেল' ইণ্ডিয়াত পঞ্চম স্থান দখল কেৰেলাৰ
author img

By

Published : Jan 16, 2020, 9:04 AM IST

গুৱাহাটী, 16 জানুৱাৰীঃ খেল' ইণ্ডিয়াত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কেৰালা ৷ বৰ্তমানলৈ মুঠ ১৩ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ১২ টাকৈ ব্ৰঞ্জৰ পদকেৰে পঞ্চম স্থান দখল কৰে কেৰালাই ৷ খেলুৱৈসকলৰ প্ৰদৰ্শনত যথেষ্ট সুখী প্ৰশিক্ষক ৷ তেওঁ উল্লেখ কৰা অনুসৰি পূৰ্বৰ তুলনাত খেলুৱৈসকলৰ প্ৰদৰ্শন উন্নত হৈছে ৷ বহুকেইগৰাকী অভিজ্ঞ খেলুৱৈ অসুস্থ হোৱাৰ পিচতো তেওঁলোকৰ অংশগ্ৰহণ অবিহনেই প্ৰতিযোগিতাত এনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত আনন্দিত টীম কেৰালা ৷ ইয়াৰোপৰি আৰ্থিকভাৱে দুৰ্বল খেলুৱৈসকলক আগুৱাই নিয়াত কেৰালা চৰকাৰে যথেষ্ট সহায় আগবঢ়াইছে বুলিও কয় ৷

২৮ টা পদকেৰে খেল' ইণ্ডিয়াত পঞ্চম স্থান দখল কেৰেলাৰ

লগতে পঢ়কঃ খেল’ ইণ্ডিয়াত স্বৰ্ণ জিনিলে চিৰাঙৰ ৰাজীৱে

Intro:খেল' ইণ্ডিয়াত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কেৰেলাই। বৰ্তমান ১৩টা স্বৰ্ণ, ৩টা ৰূপ আৰু ১২টাকৈ ব্ৰঞ্জৰ পদক লাভৰে তালিকাৰ পঞ্চম স্থানত অৱতীৰ্ণ হ'ল কেৰেলাৰ। পূৰ্বৰ তুলনাত খেলুৱৈসকলৰ প্ৰদৰ্শন অধিক উন্নত হোৱা বুলি উল্লেখ কৰে প্ৰশিক্ষকসকলে। খেল' ইণ্ডিয়াৰ চলিত সংস্কৰণত ৰাজ্যখনৰ খেলুৱৈসকলে যথেষ্ট পৰিশ্ৰম কৰিছে। যাৰ বাবে পদক তালিকাত উন্নত হৈ আছে কেৰেলা। বুধবাৰে সৰুসজাইত অনুষ্ঠিত ছোৱালীৰ ২১ অনুৰ্ধৰ ভলীবল প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰে কেৰেলাই। কেৰেলাই দুৰ্দান্ত প্ৰদৰ্শনেৰে আজুৰি আনে সোণৰ পদক। খেলুৱৈসকলৰ প্ৰদৰ্শনত যথেষ্ট সুখী প্ৰশিক্ষক। বহুকেইগৰাকী অভিজ্ঞ খেলুৱৈ অসুস্থ, যাৰ বাবে তেওঁলোক অবিহনেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিও সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত আনন্দিত টীম কেৰেলা। ইফালে কেৰেলা চৰকাৰে দৰিদ্ৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াইছে বুলি কয় প্ৰশিক্ষকসকলে। আগন্তুক হ'বলগা খেলসমূহটো শ্ৰেষ্ঠত্বৰ অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী তেওঁলোক। উল্লেখযোগ্য যে খেল' ইণ্ডিয়াৰ আয়োজনকলৈ শলাগিলে কেৰেলাৰ প্ৰতিনিধিত্বসকলে। অসমত সকলো দিশৰ পৰা সহায় লাভ কৰিছে বুলিও জানিবলৈ দিয়ে তেখেতসকলে। Body:Guwahati Conclusion:Hirul Haque

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.