ETV Bharat / city

নিৰ্বাচিত হৈ প্ৰত্যেক দিনে সমষ্টিবাসীৰ মাজত দিগন্ত কলিতা

author img

By

Published : May 19, 2021, 5:04 PM IST

জয়লাভ কৰিয়েই সমষ্টি পৰ্যবেক্ষণত নামি পৰিছে কমলপুৰৰ নৱ নিৰ্বাচত বিধায়ক দিগন্ত কলিতা ৷ মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত কাটেনিপাৰা আৰু ভিতৰখলা গাঁ’ত উপস্থিত হৈ খোৱাপানী যোগান ব্যৱস্থাৰ বুজ লয় বিধায়কগৰাকীয়ে ৷

নিৰ্বাচিত হৈ প্ৰত্যেক দিনে সমষ্টিবাসীৰ মাজত দিগন্ত কলিতা
নিৰ্বাচিত হৈ প্ৰত্যেক দিনে সমষ্টিবাসীৰ মাজত দিগন্ত কলিতা

বাইহাটা, 19 মে' : 2021 চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰিয়েই সমষ্টি পৰ্যবেক্ষণত নামি পৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷ কৰ’ণাৰ ভয়াৱহতাৰ মাজতো ৰাইজৰ মাজলৈ গৈ বিভিন্ন সমস্যাৰ বুজ লৈ সমস্যাসমূহ সমাধান কৰাৰ বাবে যত্ন কৰা দেখা গৈছে ৷ সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন গাঁও সমূহত গৈ প্ৰধান সমস্যা সমূহৰ বুজ লৈছে বিধায়ক গৰাকীয়ে ।

মঙলবাৰে বিধায়ক গৰাকীয়ে সমস্যা বুজ লোৱাৰ বাবে উপস্থিত হয় কাটেনিপাৰা আৰু ভিতৰখলা গাঁৱত । এই গাঁও দুখনৰ ৰাইজে দীৰ্ঘদিন ধৰি ভুগি অহা খোৱা পানীৰ সমস্যা দূৰ কৰাৰ বাবে আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে । কাটেনিপাৰা গাঁৱত জল জীৱন আঁচনিৰ নতুন প্ৰকল্প এটি অহা ২২ মে'ত শুভ আৰম্ভনি কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বিধায়ক দিগন্ত কলিতাই ।

কোনো কাৰনত যদি এই আঁচনিৰ পৰা ৰাইজে পানী নাপায় তেন্তে অন্য ব্যৱস্থা কৰি হলেও খোৱাপানী যোগান ধৰাৰ কথা ব্যক্ত কৰে বিধায়ক গৰাকীয়ে । আনফালে ভিতখলা গাঁৱত এটি খোৱা পানী যোগান আঁচনি পূৰ্বৰে পৰা আছে যদিও গাঁওবাসীয়ে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই । সেয়ে পুনৰ গভীৰ নলী নাদৰ ব্যৱস্থা কৰি পানী যোগান ধৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক : ৰাইজক বিনামূলীয়া ৰেচনৰ দাবী ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.