গুৱাহাটী, 14 নৱেম্বৰ : আজি পোহৰৰ উৎসৱ দিপাৱলী। পোহৰৰে আলোকিত হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। দিপান্বিতা উপলক্ষে মা কামাখ্যা ধামটো এক ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে। নানা ৰঙে লাইটৰে ন ৰূপত সজোৱা হৈছে কামাখ্যা মন্দিৰ প্ৰাংগন।

লগতে সমগ্ৰ মন্দিৰ চৌহদতে চাকিৰ পোহৰৰে আলোকিত কৰা হৈছে। কালী পূজা আৰু দিপাৱলী উপলক্ষে মন্দিৰ পৰিচালনা সমিতিয়ে এনেদৰেই মা কামাখ্যা মন্দিৰৰ চৌপাশ সজাই পৰাই তুলিছে। আজিৰ এই বিশেষ দিনটোত সকলোৱে সমাজৰ মংগল কামনা কৰিছে।

উল্লেখযোগ্য যে এইবাৰ সেউজ দিপাৱলী উদযাপনৰ বাবে চৰকাৰে আহ্বান জনাইছিল। প্ৰদূষণমুক্ত পৰিৱেশ গঢ়াৰ লক্ষ্যৰে লোৱা হৈছিল এই পদক্ষেপ। সেই অনুসৰিয়ে পূৰ্বৰ তুলনাত মাটিৰ চাকিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
লগতে পঢ়ক: কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱাৰ বিষয়া কৰ্মচাৰীৰ