ETV Bharat / city

APSC কেলেংকাৰী : ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন

author img

By

Published : Apr 2, 2022, 6:53 PM IST

যোৱা সময়চোৱাত অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন শনিবাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰে । জানো আহক ন্যায়াধীশ শৰ্মাই ইটিভি ভাৰতক এই সন্দৰ্ভত কি ক’লে (justice Biplab kumar Sarma on APSC scam) ৷

justice-biplab-kumar-sarma-committee-report-on-apsc-scam
APSC কেলেংকাৰী : ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন

গুৱাহাটী, ২ এপ্ৰিল : অৱশেষত অসম লোকসেৱা আয়োগত যোৱা সময়চোৱাত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ প্ৰতিবেদন শনিবাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰে (Report on APSC scam) । ইটিভি ভাৰতক এই কথা জানিবলৈ দি ন্যায়াধীশ শৰ্মাই কয় যে, আজি ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই তেওঁৰ পৰা এই তদন্তৰ প্ৰতিবেদন সংগ্ৰহ কৰিছে । উল্লেখযোগ্য যে, কলংকিত ৰাকেশ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা কালতে স্বতন্ত্ৰ এই সংস্থাটোক একপ্ৰকাৰ মাছৰ বজাৰলৈ পৰিণত কৰি তেওঁ লাখ লাখ টকাৰ বিনিময়ত চাকৰি বিক্ৰী কৰিছিল ।

পৰবৰ্তী সময়ত ৰাজ্যত সৰ্বানন্দ সোণোৱাল চৰকাৰ দিছপুৰত বহিয়েই লোকসেৱা আয়োগৰ এই নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে আৰু জালত পৰিবলৈ আৰম্ভ কৰে ইজনৰ পিছত সিজনকৈ ৰৌ-বৰালী । ডিব্ৰুগড় থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত চলি থকাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে এই সমস্ত কেলেংকাৰীৰ ন্যায়িক তদন্তৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক লৈ এখন এজনীয়া আয়োগ গঠন কৰি দিয়ে ( justice Biplab kumar Sarma committee) ।

ন্যায়াধীশ শৰ্মাই লগতে আজি এই বুলিও জনাই যে, তেওঁৰ এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰায় আঢ়ৈ বছৰ সময়ৰ প্ৰয়োজন হ'ল । ইতিমধ্যে, চৰকাৰক দাখিল কৰা তদন্ত প্ৰতিবেদনখন দুটা ভাগত ভাগ কৰা হৈছে বুলি মন্তব্য কৰি ন্যায়াধীশ গৰাকীয়ে কয় যে, ইয়াৰে প্ৰথম ভাগটো হৈছে মূল তদন্ত প্ৰতিবেদন আৰু দ্বিতীয় ভাগটোত অনুসন্ধানত ধৰা পৰা পৰীক্ষা বহীৰে পৰা আৰম্ভ কৰি বিভিন্ন নথি পত্ৰৰ আসোঁৱাহসমূহ পৰিশিষ্ট হিচাপে সন্নিবিষ্ট কৰা হৈছে ।

এই তদন্তত সাঙুৰি লোৱা হৈছে ২০১৩ বৰ্ষত হোৱা সমস্ত নিযুক্তি প্ৰক্ৰিয়া । ২৪১ গৰাকী প্ৰাৰ্থী এই নিযুক্তি প্ৰক্ৰিয়াত জড়িত আছিল । এইসকলৰ মাজত বক্ৰ পথেৰে নিযুক্তি লাভ কৰা ৩৯ গৰাকী প্ৰাৰ্থীক ইতিমধ্যে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে । তাৎপৰ্যপূৰ্ণ যে, ২০১৩ আৰু ২০১৪ দুয়োটা বৰ্ষতে ৰাকেশ পাল বাহিনীয়ে নিযুক্তিৰ বজাৰ পাতিছিল যদিও ৰাজ্য চৰকাৰে ন্যায়িক তদন্তৰ বাবে ন্যায়াধীশ শৰ্মা আয়োগক অৰ্পণ কৰিছিল কেৱল ২০১৩ ৰ কেলেংকাৰীহে । ২০১৪ ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ শৰ্মা আয়োগক কিয় দিয়া হোৱা নাছিল সেয়াও এক সাথৰ ।

লগতে পঢ়ক : মুখ্যমন্ত্রীৰে মন্ত্রী-বিধায়ক আৰু বিষয়ববীয়াৰ গুৰুত্বপূৰ্ণ বৈঠক: নৱ নিৰ্বাচিত সাংসদক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.