গুৱাহাটী, 24 মাৰ্চ : অসম চৰকাৰৰ গৃহ বিভাগৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে হত্যা-হিংসা,চুৰি-ডকাইতি-ধৰ্ষণ আদিৰ দৰে ঘটনা । ৰাজ্যৰ অন্য প্ৰান্তৰ কথা বাদেই বিশেষকৈ উত্তৰ পূৱৰ দুবাৰমুখ স্বৰূপ ৰাজধানী গুৱাহাটী মহানগৰীতে বিগত কেইটামান মাহত সংঘটিত হৈছে কেইবাটাও চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ।
বিগত 22 মাৰ্চত মহানগৰীৰ পানীখাইটি আৰক্ষী চকী (Panikhaiti Police Station) ৰ কাষতে নাৰেংগী-চন্দ্ৰপুৰ ঘাইপথ (Narangi-Chandrapur highway) ৰ দাঁতিত হাত-ভৰি বন্ধা অৱস্থাত এগৰাকী যুৱতীৰ উলংগ মৃতদেহ উদ্ধাৰ (Dead body found at Panikhaiti) ৰ ঘটনাটোৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে পুনৰ চন্দ্ৰপুৰত অনুৰূপ ধৰণে হাত ভৰি বন্ধা,অচেতন অৱস্থাত ৰে’ল লাইনৰ দাঁতিত উদ্ধাৰ হৈছে এজন লোক ৷
পানবাৰীৰ মিছামাৰীৰ ৰে’ল পথত বৃহস্পতিবাৰে পুৱতি নিশা ৰেল বিভাগে উদ্ধাৰ কৰা জাবৰা পাহাৰীয়া নামৰ লোকজনৰ ঘৰ ঝাৰখণ্ডত বুলি ৰেল আৰক্ষীয়ে সদৰী কৰিছে । গুৰুতৰ ভাৱে মুৰ আৰু বিভিন্ন স্থানত আঘাতৰ স্পষ্ট চিন থকা জাবৰা পাহাৰীয়া নামৰ লোকজনক ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, আহত লোকজন ঝাৰখণ্ডৰ পৰা মিজোৰামলৈ ৰে’লযোগে গৈ থকা অৱস্থাত এই ঘটনাটো সংঘটিত হৈছে ৷ এই দুৰ্ঘটনাৰ ফলত ৰক্তক্ষয় হোৱাৰ পৰিণতিত জাবৰা পাহাৰীয়াই কিছু পৰিমাণে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে বুলি স্বাস্থ্য বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে । পিছে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক : চাকৰি নিয়মীয়াকৰণৰ দাবীত কাহিলীপাৰাত শিক্ষকৰ প্ৰতিবাদ