গুৱাহাটী,১৪ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ বিধায়ক তথা দলৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে (Cabinet meeting outside of Guwahati) ।
আজি বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত বিধায়ক শিকদাৰে (MLA Jakir Hussain Shikdar) কয় যে নিৰ্মাণ কাৰ্যৰ নামত কৰা খৰচ সেই বিভাগত দিব লাগিছিল । আৱৰ্ত ভৱন নাইবা আন কিবা নিৰ্মাণ কৰাৰ বাবে যদি পুঁজি ব্যয় কৰা হৈছে তেন্তে বিত্ত বিভাগে কিয় কেবিনেট বৈঠকৰ বাবে টকা বিচাৰিছে ।
বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাত আমি বিৰোধিতা নকৰিলোহেতেন, যদিহে টকা-পইচা খৰচ নকৰিলেহেতেন । এনেই আৰ্থিক অৱস্থা ভাল নহয় । বিত্তমন্ত্রীৰ ভঁৰালত এনেই ধন নাই। তেনেস্থলত ধন নথকা বিত্তমন্ত্রীয়ে এক কোটি টকা খৰচ কৰি কিয় বাহিৰত কেবিনেট বৈঠক পাতিব লাগে বুলি তেওঁ প্ৰশ্ন কৰে ।
ভঁৰালত ধন নথকাৰ বাবে আন কাম কৰিব নোৱৰা চৰকাৰখনে কেবিনেট বৈঠকৰ নামত কোটি টকা খৰচ কৰিলে ৰাইজে দুখ প্ৰকাশ কৰাটো স্বাভাৱিক কথা বুলি তেওঁ কয় । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জেলত ভৰাই থয় বুলিহে মানুহ মনে মনে আছে । কিন্তু বেছি মনে মনে থাকি চেপাত থাকিলে উত্তেজনা বৃদ্ধি পাই আৰু সেই উত্তেজনা বাহিৰলৈ ওলাই আহিলে তাক নিয়ন্ত্ৰণ কৰা সহজ নহয় বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক: নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ বিৰোধী