গুৱাহাটী, ২৮ নৱেম্বৰ : ৰাজ্যৰ সাংবাদিক-সংবাদকৰ্মীসকলৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এছ’চিয়েছন ফ’ৰ আসাম(Journalists Association For Assam) চমুকৈ জাফাই দেওবাৰে বিভিন্ন শিতানত মুঠ ২৭গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড 21(JAFA Achievers Award 2021) প্ৰদান কৰে ৷ দিছপুৰৰ অসম লোকনিৰ্মাণ বিভাগৰ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সন্মিলন ও প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটাসমূহ ৷
![JAFA Achievers Award 2021](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-jafaawards-photo_28112021192751_2811f_1638107871_1006.jpg)
জাফা এচিভাৰ্ছ এৱাৰ্ডৰ বঁটাপ্ৰাপকসকল হৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী (দৈনিক অসম), মৌচম জ্যোতি বৈশ্য ( দ্য ছেণ্টিনেল), ছায়ামনি ভূঞা (নিউজ লাইভ), ধ্ৰুৱজ্যোতি পাঠক (অসমীয়া প্ৰতিদিন), নয়ন প্ৰতীম কুমাৰ (প্ৰতিদিন টাইম), ডি ৱাই ৩৬৫ৰ প্ৰদীপ বৰ্মন, আফতাব আলী (ইউ বি ফটোজ) গীতাশ্ৰী তালুকদাৰ (নিউজ ১৮ আসাম নৰ্থ ইষ্ট) নিলয় পাল(প্ৰান্তজ্যোতি দৈনিক), লং সিং টেৰণ (দৈনিক কাৰ্বি থেকাৰ ) ৷
![JAFA Achievers Award 2021](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-05-jafa-photo-7210450_28112021180048_2811f_1638102648_891.jpg)
জাফাই সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াই কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো এই বঁটা প্ৰদান কৰে ৷ তেওঁলোক হৈছে ক্ৰমে মানৱ অধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়া, উদ্যোগী আৰ্জেদ চহৰীয়া, বিশিষ্ট সমাজকৰ্মী তুষাৰ পাল, জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতা, পৰিবহণ আয়ুক্ত তথা অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আদিল খান, যুৱ নেতা জীৱেশ ৰায়ক প্ৰদান কৰে এই বঁটা ৷
![JAFA Achievers Award 2021](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-05-jafa-photo-7210450_28112021180048_2811f_1638102648_444.jpg)
গ্ৰাম্য অঞ্চলৰ পৰা বাতৰি পৰিবেশন কৰা কেইবাগৰাকী সাংবাদিক তথা সংবাদকৰ্মীক জাফাই এই বঁটা প্ৰদান কৰে ৷ তেওঁলোক হ’ল ক্ৰমে লখিমপুৰৰ কুশল শইকীয়া (প্ৰাগ নিউজ), মৰিগাঁৱৰ গৌতম কুমাৰ কাকতি (দৈনন্দিন বাৰ্তা), দৰঙৰ দুনীৰ তৰুণ দাস (অসমীয়া খৱৰ), কোকৰাঝাৰ চিথিলাৰ কৃষ্ণ বৰ্মন (এন ডি ২৪), কলাইগাঁৱৰ অৰুণ শৰ্মা (দ্য ছেণ্টিনেল), বঙাইগাঁৱৰ উত্তম কুমাৰ বৰ্মন (টাইম ৮), কাৰ্বি আংলঙৰ অৰুণ লেকথে (কেট নিউজ), যোৰহাটৰ ইমদাদ আলী (গণস্তম্ভ), বিজনীৰ সুনীল কুমাৰ শৰ্মা (পূৰ্বাঞ্চল প্ৰহৰী) আৰু বাক্সা নাওকাটাৰ প্ৰকাশ পৌড়েল (নিয়মীয়া বাৰ্তা) ৷
![JAFA Achievers Award 2021](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13761365_ghy.jpg)
জাফাই বঁটাপ্ৰাপকসকলক গামোচা, স্মাৰক, চেলেং চাদৰ আৰু ফুলৰ থোপাৰে সন্মান জনায় ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিশিষ্ট অতিথি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকা, বৈকুণ্ঠনাথ গোস্বামী, অমল গুপ্ত, জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, কাৰ্যকৰী সভাপতি পংকজ ডেকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
![JAFA Achievers Award 2021](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13761365_ghy3.jpg)
লগতে পঢ়ক : Kamakhya Doloi election: 5 গৰাকী প্ৰাৰ্থীৰ দলৈ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা